অসম

assam

By

Published : Oct 1, 2020, 7:10 PM IST

ETV Bharat / state

পানী টেংকী নিৰ্মাণত দুৰ্নীতি : চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ

চৰকাৰী বিষয়াৰ বিৰুদ্ধে 3 লাখ 25 হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ ৷ কাছাৰ জিলাৰ উদাৰবন্ধ ব্লক কাৰ্যালয়ৰ কেবাগৰাকীও বিষয়াৰ বিৰুদ্ধে পানীৰ টেংকী নিৰ্মাণৰ বাবে চৰকাৰে আবন্টন দিয়া ধন আত্মসাৎ কৰাৰ অভিযোগ ৷ বিষয়াৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত গোচৰ ৰুজু ৷

পানী টেংকী নিৰ্মাণত দুৰ্নীতি : চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ
পানী টেংকী নিৰ্মাণত দুৰ্নীতি : চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ

শিলচৰ, 1 অক্টোবৰ:পানী টেংকী নিৰ্মাণৰ বাবে চৰকাৰে আবন্টন দিয়া ধন আত্মসাৎ কৰাৰ অভিযোগত শিলচৰ সদৰ থানাত চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ এমজি এনৰেগা আঁচনিৰ অধীনত পানী টেংকী নিৰ্মাণৰ বাবে আবন্টন হোৱা 3 লাখ 25 হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে কাছাৰ জিলাৰ উদাৰবন্ধ ব্লকৰ কাৰ্যালয়ৰ বিডিঅ' সুস্মিতা দাম, জে আৰ এচ অভিশেষ ভট্টাচাৰ্য, এ ই সুপ্ৰিয় নাথ আৰু কাশিপুৰৰ জিপিৰ জিপি চেক্ৰেটেৰী গৌৰীশ নাগৰ বিৰুদ্ধে ৷ এই বিষয়া সকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি শিলচৰ সদৰ থানাত এক গোচৰ ৰুজু কৰিছে কাশিপুৰ জিপিৰ সেবুল হুচেইন নামৰ এজন যুৱকে ৷

চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত বিষয়াৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত গোচৰ ৰুজু

যুৱক জনৰ মতে 2017-18 বিত্তীয় বিত্তীয় বৰ্ষত এমজি এনৰেগা আঁচনিৰ অধীনত তেওঁৰ মাটিত 3 লাখ 25 হাজাৰ টকা মূল্যৰ এটা পানী টেংকী আবন্টন হৈছিল ৷ যুৱক জনৰ অভিযোগ আজি পৰ্যন্ত পানী টেংকী নিৰ্মাণ নকৰাকৈ কেৱল এখন নাম ফলক আঁৰি থৈ সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে এইসকল বিষয়াই ৷ যুৱক জনৰ অভিযোগ অনুসৰি সমস্ত বিষয় সম্পৰ্কে বিডিঅ' সুস্মিতা দামকে ধৰি কাছাৰৰ ডি চি আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ ওচৰত তেওঁ অভিযোগ দাখিল কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ তদন্ত হোৱা নাই ৷ যাৰ পৰিণতিত তেওঁ বাধ্য হৈ থানাত গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক:হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন

For All Latest Updates

TAGGED:

silchar

ABOUT THE AUTHOR

...view details