হাইলাকান্দি , 26 ডিচেম্বৰঃ নৱবৰ্ষৰ প্ৰাকক্ষণত বিশ্ববাসীয়ে শুভ বাৰ্তালৈ অপেক্ষা কৰি থকাৰ সময়তে কাছাৰ কাগজ কলৰ কৰ্মচাৰীলৈ আহিল আন এক বেয়া খবৰ ৷ কাগজ কলৰ কৰ্মচাৰী সকলক চৰকাৰী আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিলে দেশৰ সকলো ৰাজহুৱা খণ্ডক এটা এটাকৈ পুঁজিপতিৰ হাতত গতাই যোৱা বিজেপি চৰকাৰে ৷ উল্লেখযোগ্য যে , বিগত 3 টা বছৰে দৰমহা পোৱা নাই কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে ৷ তেনে সময়তে নিজৰ কৰ্ম সংস্থানৰ অনিশ্চয়তাত থকা কৰ্মচাৰীসকলক চৰকাৰী আৱাসগৃহ খালি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ যোৱা ২৩ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এখন জাননীত উল্লেখ কৰা হয় যে, কাগজ কল দুটা সম্পূৰ্ণৰূপে বন্ধ কৰি সা-সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে বিষয়া-কৰ্মচাৰীসকলক তেঁওলোকৰ আৱাসগৃহ সমূহ শীঘ্ৰে খালি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
কাগজ কলৰ কৰ্মচাৰীৰ মূৰত পুনৰ ৰাম টাঙোন কেন্দ্ৰীয় চৰকাৰৰ - কাগজ কলৰ কৰ্মচাৰী সকলক চৰকাৰী আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিলে চৰকাৰে
কাগজ কলৰ কৰ্মচাৰী সকলক চৰকাৰী আৱাসগৃহ খালী কৰাৰ নিৰ্দেশ দিলে দেশৰ সকলো ৰাজহুৱা খণ্ডক এটা এটাকৈ পুঁজিপতিৰ হাতত গতাই যোৱা বিজেপি চৰকাৰে ৷ কাগজ কল দুটা সম্পূৰ্ণৰূপে বন্ধ কৰি সা-সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবে লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ ৷
![কাগজ কলৰ কৰ্মচাৰীৰ মূৰত পুনৰ ৰাম টাঙোন কেন্দ্ৰীয় চৰকাৰৰ cantral government notice cachar paper mill employees to vacant their houses](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5499514-thumbnail-3x2-paper.jpg)
কাগজ কলৰ কৰ্মচাৰীক আৱাসগৃহ খালি কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ
কাগজ কলৰ কৰ্মচাৰীক আৱাসগৃহ খালি কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ
কাগজ কলৰ কৰ্মচাৰীক আৱাসগৃহ খালি কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ
লগতে পঢ়কঃজামিন পালে অখিল গগৈয়ে