কাছাৰ,3এপ্ৰিল: শনিবাৰে উত্তাল হৈ পৰে শিলচৰ ৷ কাছাৰৰ শিলচৰত অনলাইন পৰীক্ষাৰ দাবিত শিলচৰ চহৰৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ । চহৰখনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ TDC, CBCS, LLB, B.ADৰ পৰীক্ষাসমূহ অনলাইন প্ৰক্ৰিয়াৰে কৰাৰ বাবে কাছাৰৰ বহুকেইখন কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে আজি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ ঘণ্টাৰ পৰা ঘণ্টা ধৰি শিলচৰ চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে ছাত্ৰ-ছাত্ৰীসকলে ।
অনলাইন পৰীক্ষাৰ দাবিত উত্তাল শিলচৰৰ ৰাজপথ - প্ৰতিবাদ
আজি উত্তাল হৈ পৰে শিলচৰৰ ৰাজপথ ৷ অনলাইন প্ৰক্ৰিয়াৰে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ দাবী জনায় কাছাৰ জিলাৰ বিভিন্ন কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷
উল্লেখ্য যে, অসম বিশ্ববিদ্যালয়ত অনলাইন পৰীক্ষা অনুষ্ঠিত কৰা হৈছে ৷ দেশত বৃদ্ধি পোৱা ক'ভিড ভাইৰাছৰ বাবে বিশ্ববিদ্যালয় খনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ কিন্তু কাছাৰ জিলাৰ অন্য কলেজ সমূহত অনলাইন প্ৰক্ৰিয়াৰে TDC, CBCS, LLB, B.AD পৰীক্ষাসমূহ নহয় বুলি জানিব পাৰি কলেজসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ছাত্ৰী-ছাত্ৰী সকলক অনলাইন পৰীক্ষা লাগিব বুলি দাবী জনায় আজি উত্তাল কৰি ৰাজপথ ৷
অন্য এক খবৰৰ বাবে: মূল্যবৃদ্ধিৰ বিৰুদ্ধে গৰু গাড়ী লৈ আছুৰ প্ৰতিবাদ