অসম

assam

কাছাৰৰ পথ দুৰ্ঘটনাত নিহত শিক্ষক

By

Published : Jun 18, 2021, 10:35 PM IST

কাছাৰৰ কালাইনত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষক ৷ শিক্ষকজন মনানন্দ ৰয় বুলি জানিব পৰা গৈছে ৷

কাছাৰৰ পথ দুৰ্ঘটনাত নিহত এজন শিক্ষক
কাছাৰৰ পথ দুৰ্ঘটনাত নিহত এজন শিক্ষক

কাছাৰ, 18জুন : কাছাৰৰ কালাইনত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰাকৰ খুন্দাত নিহত হয় ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষক ৷ শিক্ষকজন মনানন্দ ৰয় বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাতে 6নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতগামী এখন ট্ৰাকে খুন্দা মাৰে মনানন্দ ৰয়ৰ চাইকেলত ৷ যাৰ ফলত পথতে বাগৰি পৰে কালাইন আদর্শ বিদ্যাপীঠৰ শিক্ষক মনানন্দ ৰয় ৷

ইপিনে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে-লগে স্থানীয় ৰাইজৰ তৎপৰতাত শিক্ষকজনক ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ কিন্তু চিকিৎসকে শিক্ষকজনক মৃত বুলি ঘোষণা কৰে ৷ ইয়াৰ পাচতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় শিলচৰ মেডিকেল কলেজলৈ ৷ আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে উত্তপ্ত হৈ পৰে দুৰ্ঘটনাস্থলী ৷ উত্তেজিত ৰাইজে আৱদ্ধ কৰি ৰাখে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ৷ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

অন্য এক খবৰৰ বাবে:আৰক্ষীৰ জিম্মাতে আচামীৰ মৃত্যুৰ অভিযোগ

ABOUT THE AUTHOR

...view details