কাছাৰ,7 ডিচেম্বৰঃদেওবাৰে কাছাৰৰ ধলাই ধলাখালত আটক কৰা হৈছে 3 ৰহিংগীয়া যুৱতীসহ চেলিম উদ্দিন নামৰ এজন যুৱকক ৷ জানিব পৰা মতে, কিছুমাহ পূৰ্বে তিনিওগৰাকী ৰহিংগীয়া যুৱতী বাংলাদেশ হৈ মিজোৰামত প্ৰৱেশ কৰিছিল ৷ কিন্তু মিজোৰাম আৰক্ষীৰ হাতত আটক হ'বলগীয়া হৈছিল যুৱতী কেইগৰাকী ৷
কাছাৰত আটক তিনি ৰহিংগীয়া যুৱতী - গাঁওৰক্ষী বাহিনী
দেওবাৰে কাছাৰৰ ধলাই ধলাখালত আটক কৰা হৈছে 3 ৰহিংগীয়া যুৱতীসহ চেলিম উদ্দিন নামৰ এজন যুৱকক ৷ কাছাৰ জিলাৰ লায়লাপুৰৰ চেলিম উদ্দিন নামৰ এজন যুৱকৰ সহায়ত মিজোৰাম সীমান্ত পাৰ হৈ কাছাৰত প্ৰৱেশ কৰিছিল ৰহিংগীয়া যুৱতীকেইগৰাকী ৷ বৰ্তমানে তিনিওগৰাকী যুৱতী কাছাৰ আৰক্ষীৰ জিম্মাত আছে ৷
![কাছাৰত আটক তিনি ৰহিংগীয়া যুৱতী Cachar police have arrested 3 Rohingya](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9790845-thumbnail-3x2-pic.jpg)
ইপিনে, ৰহস্যজনকভাৱে মিজোৰাম আৰক্ষীৰ জিম্মাৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল যুৱতীকেইগৰাকী ৷ ইয়াৰ পিছতে কাছাৰ জিলাৰ লায়লাপুৰৰ চেলিম উদ্দিন নামৰ এজন যুৱকৰ সহায়ত মিজোৰাম সীমান্ত পাৰ হৈ কাছাৰত প্ৰৱেশ কৰিছিল ৰহিংগীয়া যুৱতীকেইগৰাকী ৷ চেলিম উদ্দিনে তিনিও যুৱতীক মিজোৰাম সীমান্ত পাৰ কৰি নিজ গৃহলৈ লৈ যোৱাৰ সময়তে ধলাইখালত স্থানীয় গাঁও ৰক্ষী বাহিনীৰ হাতত ধৰা পৰে ৷ আনহাতে, ৰহিংগীয়া যুৱতীকেইগৰাকীক সোধাপোচাৰ অন্তত তিনিও যুৱতীৰ ঘৰ ম্যানমাৰৰ ৰাখাইন ৰাজ্যত বুলি জানিব পৰা গৈছে ৷ বৰ্তমানে তিনিওগৰাকী যুৱতী কাছাৰ আৰক্ষীৰ জিম্মাত আছে ৷
লগতে পঢ়কঃবিশ্বনাথত মাছমৰীয়াক আটক কৰাক লৈ সৰৱ জিলা প্ৰদেশ কংগ্ৰেছ