অসম

assam

ETV Bharat / state

কুখ্যাত মাটিৰ দালাল গফেচ মাদকক গ্ৰেপ্তাৰ - গফেচ মাদকক গ্ৰেপ্তাৰ

আৰক্ষীৰ ফান্দত পৰিল কুখ্যাত মাটিৰ দালাল ৷ আইৰংমাৰা ইউনিভাৰ্চিটি চকীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুখ্যাত মাটিৰ দালাল গফেচ মাদকক (Land Mafia Arrests) ৷

Cachar police arrests land Mafia
কুখ্যাত মাটিৰ দালাল গফেচ মাদকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 12:04 PM IST

শিলচৰ, 27 ডিচেম্বৰ : এশ গৰু মাৰিলে বাঘৰো মৰণ... এইবাৰ আৰক্ষীৰ ফান্দত পৰিল কুখ্যাত মাটিৰ দালাল ৷ মঙলবাৰে শিলচৰ-কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ আইৰংমাৰাৰ কুখ্যাত মাটিৰ দালাল গফেচ মাদকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আইৰংমাৰা ইউনিভাৰ্চিটি চকীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাটিৰ দালালটোক । ধৃত দালালটোৰ বিৰুদ্ধে ভূমিৰ ভুৱা নথিপত্ৰ বনোৱাৰ লগতে নিৰীহ লোকৰ মাটি জোৰ-জবৰদস্তি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি আইৰংমাৰা অঞ্চলৰ বহু নিৰীহ লোকৰ ভূমি জোৰ-জবৰদস্তি দখল কৰি কোটি কোটি টকাৰ মালিক হৈছে গফেচ মাদক নামৰ দালালটো । আনকি গফেচৰ লগত চৰকাৰী বিষয়াসহ বহু আৰক্ষী বিষয়া জড়িত আছে বুলিও অভিযোগ সৰ্বজনবিদিত ৷ ফলত ডেমকেয়াৰ হৈ দীৰ্ঘদিনৰ পৰা মাটিৰ দালালী চলাই গৈছিল গফেচে ।

অৱশেষত মঙলবাৰে অভিযান চলাই আৰক্ষীয়ে দালালটোক গ্ৰেপ্তাৰ কৰে । বৰ্তমান দালালটোক আৰক্ষীয়ে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বিগত দিনকেইটাত মাটিৰ দালালৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে ব্যাপক অভিযান চলাই আহিছে । কিছুদিন পূৰ্বে শিলচৰ ৰংপুৰৰ কুখ্যাত মাটিৰ দালাল লাকী বৰলস্কৰ ওৰফে খুৰশেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । শিলচৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল খুৰশেদক নামৰ দালালটোক ।

লক্ষণীয় যে, যোৱা কেইমাহমানৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ তাৰ পিচতেই সমগ্ৰ ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলে । এই অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কেইবা শ মাটিৰ দালালক । সেই সময়ত কাছাৰতো গ্ৰেপ্তাৰ হৈছিল বহুকেইজন মাটিৰ দালাল ৷

লগতে পঢ়ক:IPS বিষয়া আনন্দ মিশ্ৰৰ পদত্যাগ; প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ সম্ভাৱনা প্ৰকট

ABOUT THE AUTHOR

...view details