কাছাৰ, ১১ ফেব্ৰুৱাৰী : কাছাৰত ধৰা পৰিল ৮ জনীয়া এটা ৰোহিঙ্গীয়াৰ দল। দেওবাৰে নিশা কাছাৰৰ সোনাবাড়ি ঘাটৰ পৰা আৰক্ষীয়ে আটক কৰে ৰোহিঙ্গীয়া লোককেইজনক।
কাছাৰ গ্ৰেপ্তাৰ ৮ জন ৰোহিঙ্গীয়া - ৰোহিঙ্গীয়া
ভাৰাতীয়া হিচাপে আত্মগোপন কৰি আছিল ৰোহিঙ্গীয়া কেইজনে
![কাছাৰ গ্ৰেপ্তাৰ ৮ জন ৰোহিঙ্গীয়া](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2418374-787-a939a78a-24df-4474-8ae6-3d5139925ab6.jpg)
চাৰিমাহ ধৰি এটা ভাৰাঘৰত ভাৰাতীয়া হিচাপে আত্মগোপন কৰি আছিল ৰোহিঙ্গীয়া কেইজনে। বিদেশীক আশ্ৰয় দিয়াৰ অভিযোগত ভাৰাঘৰৰ মালিক সাইদুল ইছলাম বড়ভূঞাকো আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ হাতত ধৰা পৰা ৰহিঙ্গীয়াকেইজনৰ ভিতৰত ১ জন যুৱকৰ লগতে ৫ জনী কিশোৰী। আনহাতে বাকী দুজনে নিজকে স্বামী-স্ত্ৰী বুলি প্ৰকাশ কৰিছে আৰক্ষীৰ আগত।
আৰক্ষীৰ জেৰাত ৰোহিঙ্গীয়া কেইজনে নিজকে বাংলাদেশৰ চট্টগ্ৰামৰ বাসিন্দা বুলি প্ৰকাশ কৰে। চাৰিমাহৰ আগতে ত্ৰিপুৰাৰ পৰা ভুৱা আধাৰ কাৰ্ড বনাই কাছাৰত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰে ৰোহিঙ্গীয়াকেইজনে। ৰোহিঙ্গীয়া ধৰা পৰাৰ পাচতে উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।