অসম

assam

ETV Bharat / state

মোদীৰ আগমনৰ দিনাই কাছাৰত মোদী বিৰোধী শ্ল'গান

শনিবাৰে কাছাৰ কাগজকলৰ সন্মুখত কৰ্মচাৰী আৰু কগজকল পুনৰজ্জীৱিত সন্থাৰ প্ৰতিবাদ ৷ তিনিবছৰ পূৰ্বে মোদীৰ কাগজকলৰ পুনৰজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সৰৱ হৈ কৰ্মচাৰী সন্থাই মোদী বিৰোধী শ্ল'গানেৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷

By

Published : Mar 30, 2019, 9:34 PM IST

কাছাৰত মোদী বিৰোধী শ্ল'গান

কাছাৰ,30মাৰ্চ:মোদীৰ অসম আগমনৰ দিনাই শনিবাৰে কাছাৰ কাগজ কলৰ কৰ্মচাৰী সহ কগজকল পুনৰজ্জীৱিত সন্থাই ৰূপায়ণকৰে প্ৰতিবাদী কাৰ্যসূচী ৷ কাগজ কলৰ মুখ্য দ্বাৰৰ সম্মুখত শ শ কৰ্মচাৰী আৰু সন্থাটোৰ সদস্যসকলে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী সোণোৱাল বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ৷ লগতে ক্ষুব্ধ কৰ্মচাৰীসকলে আগন্তুক লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়ে ৷ ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বৰাকত উপস্থিত হৈ কাছাৰ কাগজকল তিনিমাহৰ ভিতৰত পুনৰজ্জীৱিত কৰা হ'ব বুলি যি মিছা প্ৰতিশ্ৰুতি দিছিল সেয়া তিনি বছৰৰ পাচতো হৈ নুঠাত লোকসভা নিৰ্বাচনত তাৰ পৰিণাম ভোগ কৰিব লাগিববুলি সকীয়াই দিয়ে প্ৰতিবাদীকৰ্মচাৰীসকলে ৷

কাছাৰত মোদী বিৰোধী শ্ল'গান

ABOUT THE AUTHOR

...view details