হাইলাকান্দি, 5 চেপ্টেম্বৰ: বৃহস্পতিবাৰে বিধানসভাত উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটৱাৰীয়ে NCLT গোচৰ থকাৰ বাবে 1900 কোটি টকা প্ৰদান কৰিও কাগজ কল চলাবলৈ সক্ষম নহ‘ল বুলি মন্তব্য কৰাৰ পাছতে এক প্ৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল চিৰদিনৰ বাবে বন্ধ হৈ পৰা ইংগিত বহন কৰিছে ৷ যাৰ পাছতেই যেন এক প্ৰকাৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাগজ কল কৰ্মচাৰীসকলৰ মাজত ৷ কাছাৰ কাগজ কলৰ কৰ্মচাৰী সকলে প্ৰশ্ন উত্থাপন কৰি কয় যে, যদিহে NCLT গোচৰ চলি থকাৰ মাজতো কেৰেলা চৰকাৰে কাগজ কল সমূহ পুনৰ আৰম্ভ কৰাৰ চিন্তা কৰিব পাৰে তেন্তে অসম চৰকাৰে কিয় নোৱাৰে ৷
উদ্যোগমন্ত্ৰী মন্তব্যৰ পাছত কি ক‘লে কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে ? - কেৰেলা চৰকাৰ
আগন্তুক 14 চেপ্টেম্বৰত NCLT গোচৰৰ ৰায়দান হ‘ব আৰু উক্ত ৰায়দানত যদি কাগজসমূহ বিক্ৰি কৰিবলৈ চেষ্টা কৰে তেন্তে পৰিস্থিতি ভয়াৱহ হ‘ব বুলি মন্তব্য কৰে ক্ষোভিত কাছাৰ কাগজকলৰ কৰ্মচাৰী সকলে ৷
উদ্যোগমন্ত্ৰী মন্তব্যৰ পাছত কি ক‘লে কাছাৰ কাগজ কলৰ কৰ্মচাৰীয়ে ?
উল্লেখ্য যে, আগন্তুক 14 চেপ্টেম্বৰত NCLT গোচৰৰ ৰায়দান হ‘ব আৰু উক্ত ৰায়দানত যদি কাগজসমূহ বিক্ৰি কৰিবলৈ চেষ্টা কৰে তেন্তে পৰিস্থিতি ভয়াৱহ হ‘ব বুলি মন্তব্য কৰে ক্ষোভিত কাছাৰ কাগজকলৰ কৰ্মচাৰী সকলে ৷
লগতে পঢ়ক : বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উল্থাপন নোহোৱাৰ কাৰণ কি ?