অসম

assam

ETV Bharat / state

NHAIDCL ক উন্নয়নৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ কাছাৰৰ সাংসদৰ - NHAIDCL নামৰ এটা সংস্থা

শিলচৰৰ বিভিন্ন ঘাইপথৰ অৱস্থা বৰ্তমান পুতৌজনক ৷ কাছাৰৰ সাংসদ ৰাজদ্বীপ ৰায়ৰ নেতৃত্বত কাছাৰ জিলা বিজেপিৰ এটা দলে শিলচৰৰ পৰা বান্দৰ খাল অভিমুখে যাত্ৰা কৰিছিল যদিও ঘাইপথৰ দুৰবস্থাৰ বাবে আধা বাটৰ পৰাই উভতি আহিব লগা হৈছিল তেঁওলোক ৷ কিন্তু বহুদিন উকলি যোৱাৰ পিচতো পথটো সম্পূৰ্ণকৈ নিৰ্মাণ নকৰাৰ কাৰণ বিচাৰে সাংসদগৰাকীয়ে ৷ লগতে, প্ৰতি মাহতে উন্নয়নৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ প্ৰদান কৰে নিৰ্মাণ সংস্থাটোক ৷

Cachar MP orders NHAIDCL to give report on development
NHAIDCL ক উন্নয়নৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ কাছাৰৰ সাংসদৰ

By

Published : Jul 12, 2020, 8:28 PM IST

কাছাৰ, 12 জুলাই : চৰকাৰে বিকশিত অসমৰ শ্লোগান দিয়ে যদিও প্ৰকৃতাৰ্থত বিকাশ হোৱা নাই ৰাজ্যৰ বহুবোৰ অঞ্চল ৷ আনকি, ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জীয়াতু ভুগিছে ৰাইজ ৷ শিলচৰৰ বিভিন্ন ঘাইপথৰ অৱস্থা বৰ্তমান পুতৌজনক ৷ দেওবাৰে কাছাৰৰ সাংসদ ৰাজদ্বীপ ৰায়ৰ নেতৃত্বত কাছাৰ জিলা বিজেপিৰ এটা দলে শিলচৰৰ পৰা বান্দৰ খাল অভিমুখে যাত্ৰা কৰিছিল যদিও ঘাইপথৰ দুৰবস্থাৰ বাবে আধা বাটৰ পৰাই উভতি আহিব লগা হৈছিল তেওঁলোক ৷

NHAIDCL ক উন্নয়নৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ কাছাৰৰ সাংসদৰ

জানিব পৰা মতে, পথটোৰ নিৰ্মাণৰ দায়িত্বত আছিল NHAIDCL নামৰ এটা সংস্থা ৷ কিন্তু বহুদিন উকলি যোৱাৰ পাচতো পথটো সম্পূৰ্ণকৈ নিৰ্মাণ নকৰাৰ কাৰণ বিচাৰে সাংসদ গৰাকীয়ে ৷ লগতে প্ৰতি মাহতে উন্নয়নৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ প্ৰদান কৰে নিৰ্মাণ সংস্থাটোক ৷

লগতে পঢ়ক :মৰিয়নীত পুনৰ 6 জনৰ দেহত COVID-19

ABOUT THE AUTHOR

...view details