শিলচৰ, 23 ডিচেম্বৰ : প্ৰথমবাৰৰ বাবে শিলচৰৰ ৰাজপথক 10 মিনিটৰ বাবে গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ কৰা হ‘ল ৷ ক‘ভিড ৰোগীক হাস্পতালৰ পৰা বিমানবন্দৰলৈ লৈ যোৱাৰ বাবে এই গ্ৰীণ কৰিডৰৰ সৃষ্টি কৰা হয় ৷ এগৰাকী সংকটজনক ক‘ভিড ৰোগীক বুধবাৰে শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে কলিকতালৈ লৈ যাবলগীয়া হয় ৷
10 মিনিটৰ বাবে গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ হ‘ল শিলচৰৰ ৰাজপথ - শিলচৰ
এগৰাকী সংকটজনক ক‘ভিড ৰোগীক বুধবাৰে শিলচৰৰ এখন ব্যক্তিগত হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে কলিকতালৈ লৈ যাবলগীয়া হয় ৷ যাৰ বাবেই শিলচৰৰ ৰাজপথক 10 মিনিটৰ বাবে গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ কৰা হয় ৷
![10 মিনিটৰ বাবে গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ হ‘ল শিলচৰৰ ৰাজপথ cachar-green-corridor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9979937-thumbnail-3x2-silchar.jpg)
10 মিনিটৰ বাবে গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ হ‘ল শিলচৰৰ ৰাজপথক
10 মিনিটৰ বাবে গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ হ‘ল শিলচৰৰ ৰাজপথক
ইচতাক ৰছুল মজুমদাৰ নামৰ ক‘ভিড ৰোগীজনক যাতে কম সময়ৰ ভিতৰত বিমান বন্দৰলৈ নিব পাৰি তাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এম্বুলেঞ্চখন যাবলগীয়া ৰাজপথক গ্ৰীণ কৰিডৰলৈ ৰূপান্তৰ কৰে ৷
লগতে পঢ়ক: RTI কৰ্মী দুলাল বৰাক খুমটাই আৰক্ষী চকীত জেৰা