অসম

assam

By

Published : Sep 16, 2020, 6:34 AM IST

ETV Bharat / state

মহালয়াৰ বাবে কঠোৰ নিৰ্দেশনা জাৰী কাছাৰ জিলা প্ৰশাসনৰ

কাছাৰ জিলা প্ৰশাসনেও মহালয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ কোনো এলাকাত জনসমাগম কৰিব নোৱাৰে ৰাইজে । 15 জনতকৈ অধিক লোক একগোট হ’ব নোৱাৰিব মহালয়াৰ সময়চোৱাত ৷

cachar deputy commissioner
cachar deputy commissioner

শিলচৰ, 16 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে মহালয়া ৷ দেশৰ ভিন্ন স্থানৰ লগতে অসমতো মহালয়া উদযাপন কৰা হ’ব ৷ কিন্তু পূৰ্বৰ দৰে উছাহ নাথাকিব মহালয়াৰ ৷ কাৰণ ক’ভিড-19ৰ ভয়াৱহতা ৷ ইতিমধ্যে দুৰ্গা পূজা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰে ৷ মহালয়াৰ ক্ষেত্ৰতো যাতে অধিক লোক ৰ সমাগম নহয় তাৰ বাবে কেতবোৰ কঠোৰতা গ্ৰহণ কৰিছে প্ৰশাসনে ৷

মহালয়াৰ বাবে কঠোৰ নিৰ্দেশনা কাছাৰ জিলা প্ৰশাসনৰ

কাছাৰ জিলা প্ৰশাসনেও মহালয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ কাছাৰত ক’ভিড-19 আক্ৰান্তৰ সংখ্যা কমিছে । কিন্তু অনাগত দিনত বিভিন্ন পূজাৰ উৎসৱৰ কাৰণে যদি জন সমাগম হয় তেন্তে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে ৷ তাৰ বাবে কাছাৰৰ জিলা উপায়ুক্তই মহালয়াক কেন্দ্ৰ কৰি কিছুমান বিধি নিষেধ আৰোপ কৰিছে সমগ্ৰ জিলাত ।

মহালয়াৰ বাবে কঠোৰ নিৰ্দেশনা

কোনো এলাকাত জনসমাগম কৰিব নোৱাৰে ৰাইজে । 15 জনতকৈ অধিক লোক একগোট হ’ব নোৱাৰিব মহালয়াৰ সময়চোৱাত ৷ এক নিৰ্দেশনা যোগে এই কথা জনাইছে কাছাৰৰ উপায়ুক্ত কৃতি জ্বলীয়ে । উল্লেখ্য যে, মহালয়াৰ সময়ত শিলচৰৰ সদৰ দলং ঘাটত অত্যাধিক জন সমাগম ঘটে ৷ প্ৰশাসনৰ এই নিৰ্দেশক ৰাইজে কি দৰে গ্ৰহণ কৰে সেইয়া পৰিলক্ষিত হ’ব ৷

লগতে পঢ়ক :ক’ভিড-19ৰ নিয়ম মানি অনুষ্টূপীয়াকৈ অনুস্থিত হ’ব দুৰ্গা পূজা

ABOUT THE AUTHOR

...view details