শিলচৰ, 16 জানুৱাৰীঃভোগালী বিহুৰ দিনা মেজিৰ জুইত "CAA" ৰ প্ৰতিলিপি দাহ কৰি সংবিধান বিৰোধী আইনখনৰ তীব্ৰ বিৰোধিতা কৰে সদৌ কাছাৰ কোঁচ ৰাজবংশী সন্মিলনীয়ে ৷ কাছাৰ জিলাৰ লাৰছিংপাৰ গাৱঁত আয়োজিত ভোগালী বিহু উৎসৱত কাছাৰৰ ভূমিপুত্ৰ কোঁচ ৰাজবংশীসকলে মেজিৰ জুইত জাতিধ্বংসী "CAA"ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতত বেনাৰ লৈ কোঁচ ৰাজবংশীসকলে "CAA" আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি "CAA" বাতিলৰ দাবী জনায় ৷ প্ৰতিবাদস্থলীত উপস্থিত থাকি আছু নেতা আইনুল হক চৌধুৰীয়েও "CAA" বাতিলৰ দাবী জনায় ৷
মেজিৰ জুইত "CAA"ৰ প্ৰতিলিপি দাহ কৰিলে কোঁচ ৰাজবংশীসকলে - মেজিৰ জুইত "CAA" ৰ প্ৰতিলিপি দাহ কৰিলে কোঁচ ৰাজবংশীসকলে
হাতত বেনাৰ লৈ কোঁচ ৰাজবংশীসকলে "CAA" আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি "CAA" বাতিলৰ দাবী জনায় ৷ প্ৰতিবাদস্থলীত উপস্থিত থাকি আছু নেতা আইনুল হক চৌধুৰীয়েও "CAA" বাতিলৰ দাবী জনায় ৷
"CAA" ৰ প্ৰতিলিপি দাহ কোঁচ ৰাজবংশীসকলৰ
আনহাতে, কাছাৰৰ কাটিগৰা সমষ্টিৰ চলিতাগ্ৰামৰ অসমীয়া লোকসকলেও মেজি জ্বলাই জাতীয় উৎসৱটি উলহ মালহেৰে পালন কৰে ৷ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া শক্তি নাশ কৰি সমাজত শান্তি স্থাপন কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে ৷ শিলচৰতো অসম সাহিত্য সভা শিলচৰ শাখাৰ কাৰ্যালয় চৌহদত মেজি জ্বলাই ভোগালী বিহু পালন কৰে স্থানীয় লোকসকলে ৷