অসম

assam

ETV Bharat / state

শ্বিলঙত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিএচএফ'ৰ বাহন - দুৰ্ঘটনাগ্ৰস্থ বিএচএফ'ৰ বাহন

বৰাক উপত্যকালৈ গৈ থকা বিএচএফ'ৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ তলত পৰি যায় ৷ ফলত ঘটনাস্থলীত মৃত্যু হয় এজনৰ ।

দুৰ্ঘটনাগ্ৰস্থ বিএচএফ'ৰ বাহন

By

Published : Oct 30, 2019, 11:34 PM IST

শিলচৰ,30 অক্টোবৰ: শিলচৰ শ্বিলং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ কেলেৰিয়াট মন্ডিয়াটিত দুৰ্ঘটনাত পতিত বিএচএফ'ৰ বাহন ৷ বৰাক উপত্যকালৈ গৈ থকা বিএচএফ'ৰ বাহনখন নিয়ন্ত্ৰণ হেৰোৱাই পাহাৰৰ তলত পৰি যোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ফলত ঘটনাস্থলীত মৃত্যু হয় এজনৰ ।

দুৰ্ঘটনাগ্ৰস্থ বিএচএফ'ৰ বাহন
জানিব পৰা মতে বিএচএফৰ ২০ জনীয়া এটা দল AS 05 2034 নম্বৰৰ এখন বাছত গুৱাহাটীৰ পৰা বৰাক অভিমুখে গৈ থকা অৱস্থাত হঠাৎ নিয়ন্ত্ৰণ হেৰাই পাহাৰৰ তলত পৰি যায় ৷ ফলত ঘটনাস্থলীতে বাছখনৰ হেণ্ডিমেন জগত গগৈ নামৰ যুৱক জনৰ মৃত্যু হোৱাৰ লগতে বহু কেইজন বিএছএফ জোৱান আহত হয় ৷ গুৰুতৰভাবে আহত হৈ মৃত্যুৰে যুঁজি আছে বাছখনৰ চালক প্ৰাঞ্জল শইকীয়া আৰু সহচালক বাবা গগৈয়ে ৷ তেওঁলোকক ইতিমধ্যে কেলেৰিয়াট Community Health Centre (CHC)ৰ পৰা শিলং NEIGRIHMS লৈ প্ৰৰেণ কৰা হৈছে ৷
দুৰ্ঘটনাগ্ৰস্থ বিএচএফ'ৰ বাহন

ABOUT THE AUTHOR

...view details