অসম

assam

ETV Bharat / state

এবছৰ ধৰি চাকৰিলৈ নোযোৱাকৈ ঘটি আছে চৰকাৰী ধন !

বৰখলা স্বাস্থ্যকেন্দ্ৰত চৰম দুৰ্নীতি । চাকৰিলৈ নোযোৱাকৈ দৰমহা পাই স্বাস্থ্যকেন্দ্ৰটোৰ একাংশ কৰ্মচাৰীয়ে । ইফালে বৰ্তমান দুজন ফাৰ্মাচিষ্ট আৰু চাৰিগৰাকী এ এন এম নাৰ্চ আৰু এজন চিকিৎসকৰ দ্বাৰা কোনোমতে চলি আছে ১০ খন গাঁৱৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰটো ।

By

Published : Apr 28, 2019, 2:05 PM IST

এবছৰ ধৰি চাকৰিলৈ নোযোৱাকৈ ঘটি আছে চৰকাৰী ধন !

বৰখলা,২৮ এপ্ৰিলঃ বৰখলা বিধান সভা সমষ্টিৰ অন্তৰ্গত ১০খন গাঁৱৰ ৰাইজৰ একমাত্ৰ স্বাস্থ্যকেন্দ্ৰটো হৈছে বৰখলা স্বাস্থ্যকেন্দ্ৰ । শনিবাৰে স্বাস্থ্যকেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ এখন বৈঠকত ফাদিল হৈছে স্বাস্থ্যকেন্দ্ৰটোৰ বহু গোপন তথ্য । বৈঠকত প্ৰমাণ হয় কেনেদৰে এজন লেব'ৰেটৰী কৰ্মচাৰীয়ে এবছৰ কৰ্মস্থলীত অনুপস্থিত থকাৰ পাছতো দৰমহা পাই আহিছে । স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ম্যানজৰ সিঙে স্বীকাৰ কৰে যে একাংশ কৰ্মচাৰীয়ে কৰ্মস্থলীত অনুপস্থিত থকাৰ পাচতো বিভাগৰ পৰা দৰমহা পাই আহিছে ।

এবছৰ ধৰি চাকৰিলৈ নোযোৱাকৈ ঘটি আছে চৰকাৰী ধন !

ইফালে স্বাস্থ্য কেন্দ্ৰটো দুজন ফাৰ্মাচিষ্ট আৰু চাৰিগৰাকী এ এন এম নাৰ্চ আৰু এজন চিকিৎসকৰ দ্বাৰা কোনোমতে চলি আছে । বিধায়ক কিশোৰ নাথৰ সহযোগত স্বাস্থ্যকেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে কাছাৰ জিলা স্বাস্থ্য সঞ্চালকক তৎকালীনভাৱে ২ জন চিকিৎসকক নিযুক্তি দিবলৈ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details