শিলচৰ,২৭ মে':প্ৰায় ৬ মাহ ধৰি দিল্লীত অব্যাহত আছে কৃষক আন্দোলন । আনফালে কেন্দ্রৰ মোডী চৰকাৰেও সাত বছৰ সম্পূর্ণ কৰিছে । কিন্তু, বিগত সময়চোৱাত কেন্দ্রৰ মোডী চৰকাৰে শ্রমিক আৰু কৃষক বিৰোধী নীতি গ্রহণ কৰাৰ অভিযোগত সমগ্ৰ দেশজুৰি বৃহস্পতিবাৰে পালন কৰা হয় ক'লা দিৱস । কৃষক বিৰোধী আইনৰ বিৰোধীতাৰে সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত সমগ্ৰ দেশৰ লগতে অসমৰো ভিন্ন প্ৰান্তত পালন কৰা হয় ক'লা দিৱস ।
কাছাৰত ক'লা দিৱস পালন - BLACK DAY BY FARMERS ASSOCIATION
কৃষক বিৰোধী আইনৰ বিৰোধীতাৰে সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত সমগ্ৰ দেশৰ লগতে অসমৰো ভিন্ন প্ৰান্তত পালন কৰা হয় ক'লা দিৱস । চিআইটিইউ, ডিৱাইএফআই, এছএফআইৰ লগতে ৯ টাকৈ সংগঠনৰ সহযোগত কাছাৰ জিলাৰ শ্রীকোনাত ক'লা দিৱসৰ কাৰ্যসূচীত পালন কৰা হয় ।
কাছাৰত ক'লা দিৱস পালন
চিআইটিইউ, ডিৱাইএফআই, এছএফআইৰ লগতে ৯ টাকৈ সংগঠনৰ সহযোগত কাছাৰ জিলাৰ শ্রীকোনাত ক'লা দিৱসৰ কাৰ্যসূচীত পালন কৰা হয় । শ্রীকোনা দৈনিক বজাৰত আয়োজিত এই ক'লা দিৱসৰ কাৰ্যসূচীত ডিৱাইএফআইৰ কাছাৰ জিলা সম্পাদক দেবজিৎ গুপ্তা ,নিখিল ভাৰত কৃষক সভা কাছাৰ জিলাৰ সম্পাদক সুভাষ দেৱ উপস্থিত থাকে ।