অসম

assam

ETV Bharat / state

চৰকাৰী সভাৰ মাইকত বাজিল আকৌ এবাৰ মোডী চৰকাৰ - govt meeting

কাছাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ভয়ংকৰ কাণ্ড ৷ জল পৰিবহণ বিভাগৰ এখন সভাৰ মাইকত শুনা গ’ল বিজেপিৰ প্ৰচাৰ সংগীত ৷ এখন চৰকাৰী অনুষ্ঠানত খোদ চৰকাৰী বিষয়ববীয়া সকলে মাইকত বজালে বিজেপিৰ "আকৌ একবাৰ মোডী চৰকাৰ" শীৰ্ষক প্ৰচাৰ সংগীতটি ৷

akou ebar modi charkar
bjp song

By

Published : Nov 13, 2020, 12:10 PM IST

কাছাৰ, 13 নবেম্বৰ : চৰকাৰী অনুষ্ঠান নহয় যেন বিজেপিৰ এখন নিৰ্বাচনী সভা ৷ চৰকাৰী সকলো নিয়ম নীতি ভাঙি অনুষ্ঠিত হ’ল এই সভাখন ৷ কাছাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ভয়ংকৰ কাণ্ড ৷ জল পৰিবহণ বিভাগৰ এখন সভাৰ মাইকত শুনা গ’ল বিজেপিৰ প্ৰচাৰ সংগীত ৷ এখন চৰকাৰী অনুষ্ঠানত খোদ চৰকাৰী বিষয়ববীয়া সকলে মাইকত বজালে বিজেপিৰ "আকৌ একবাৰ মোডী চৰকাৰ" শীৰ্ষক প্ৰচাৰ সংগীতটি ৷

চৰকাৰী সভাৰ মাইকত বাজিল আকৌ এবাৰ মোডী চৰকাৰ

বৃহস্পতিবাৰে কাছাৰ জিলাৰ সোনাই বিধানসভা সমষ্টিৰ ধেমালিত বৰাক নৈৰ এটা নতুন ফেৰীঘাটৰ শুভাৰম্ভ কৰাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এখন সভা অনুষ্ঠিত কৰিছিল । যাৰ মুখ্য অতিথি আছিলে অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক আমিনুল হক লস্কৰ ৷ কিন্তু সভা আৰম্ভ হোৱাৰ পূৰ্বে যেতিয়া মুখ্য অতিথি আমিনুল হক লস্কৰলৈ যেতিয়া সকলোৱে অপেক্ষা কৰিছিল ঠিক তেতিয়া মাইকত শুনা গ’ল আকৌ একবাৰ মোডী চৰকাৰ শীৰ্ষক গীতটি ৷ জল পৰিবহণ বিভাগৰ এজন বিষয়াই নিজ মোবাইল ফোনেৰে এই গানটো বজাইছিল মাইকত ৷ এবাৰ দুবাৰ নহয় প্ৰায় দহবাৰ বাজিল এই গানটো ৷ দৃশ্যটো দেখি লাগিল যেন ইয়া এক বিজেপিৰ নিৰ্বাচনী সভাহে চলিছে ৷ বিভাগটোৰ এনে কাণ্ডৰ পিচত কাছাৰ জিলাত এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :মহানগৰীত সাংবাদিকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

ABOUT THE AUTHOR

...view details