কাছাৰ, 8 ডিচেম্বৰঃ সংশোধিত কৃষি আইন বাতিলৰ দাবীত আহ্বান জনোৱা দেশজোৰা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ কাছাৰ জিলাৰ শিলচৰ চহৰতো দেখা গ'ল । মঙলবাৰে দিনটোত শিলচৰ চহৰৰ দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী অফিচ, বেংক, স্কুল, কলেজ আদি সম্পূৰ্ণৰূপে বন্ধ থাকে ।
শিলচৰতো দেখা গ'ল ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ - যান-বাহনৰ চলাচল শৃন্য হৈ পৰে
মঙলবাৰে শিলচৰ চহৰৰ দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী অফিচ, বেংক, স্কুল, কলেজ আদি সম্পূৰ্ণৰূপে বন্ধ থাকে । সমান্তৰালভাৱে এই বন্ধ প্ৰভাৱত চহৰখনৰ প্ৰায় বিলাক পথতে যান-বাহনৰ চলাচল শৃন্য হৈ পৰে ৷

শিলচৰতো দেখা গ'ল ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
ইফালে বন্ধ সমর্থনকাৰী সংগঠন সমূহে আজিৰ দিনৰ ভাগত শিলচৰৰ ৰাজপথত এই আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি এই বন্ধ সৰ্বাত্মক কৰি তুলে ৷ সমান্তৰালভাৱে বন্ধ প্ৰভাৱত চহৰখনৰ প্ৰায় বিলাক পথতে যান-বাহনৰ চলাচল শৃন্য হৈ পৰে ৷
লগতে পঢ়কঃজনতাৰ কন্ঠঃ নগাঁও সদৰ সমষ্টিৰ খতিয়ান বিচাৰি ইটিভি ভাৰত