স্থানীয় লোকক অএন জি চিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ শিলচৰত - বৰাক
স্থানীয় লোকক অ এন জি চিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ শিলচৰত ৷ উল্লেখযোগ্য যে, যোৱা কেই বছৰ ধৰি অ এন জি চিয়ে বৰাকৰ নিবনুৱা সকলক বঞ্চিত কৰি বাহিৰৰ লোকক নিযুক্তি প্ৰদান কৰি আহিছে
অএন জি চিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ শিলচৰত
শিলচৰ, 3 ছেপ্তেম্বৰঃ শিলচৰত নিৱনুৱা লোকসকলক অ এন জি চিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ স্থানীয় লোকৰ ৷ বিগত কেইবাবছৰ ধৰি অ এন জি চিয়ে বৰাকৰ নিবনুৱা সকলক বঞ্চিত কৰি বাহিৰৰ লোকক নিযুক্তি প্ৰদান কৰি অহাৰ অভিযোগ ৰাইজৰ ৷ ইয়াকে লৈ সময়ে সময়ে নিবনুৱা সকলে স্থানীয় ভিত্তিত নিযুক্তি প্ৰদানৰ দাবীত প্ৰতিবাদ জনাই আহিছে যদিও এই ক্ষেত্ৰত কতৃপক্ষই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ ইয়াৰে প্ৰতিবাদত মঙলবাৰে পুনৰ শতাধিক নিবনুৱাই শিলচৰৰ ওচৰৰ শ্ৰীকোনাত থকা অ এন জি চিৰ কাছাৰ প্ৰজেক্টৰ সন্মূখত ধৰ্ণা দিয়ে ৷