কাছাৰ, 12 জুলাই : এনৰেগা আঁচনিত ব্যাপক দুর্নীতি সংঘটিত কৰাৰ অভিযোগত কাছাৰ জিলাৰ কাটিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কাটিগড়া ব্লকৰ খণ্ড উন্নয়ন বিষয়া সুজা হোসেন মজুমদাৰক আটক কৰিছে কাটিগড়া আৰক্ষীয়ে ৷ ইতিমধ্যে বিষয়া গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে তদন্ত চলোৱাৰ খবৰ পাই বিষয়াগৰাকীয়ে আত্মগোপন কৰাৰ চেষ্টা চলাইছিল ৷ অৱশেষত হাইকান্দি জিলাৰ লক্ষ্মী চহৰৰ ঘৰৰ তেওঁক আটক কৰে আৰক্ষীয়ে ৷
এই ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ কাটিগড়াতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য ৷ উল্লেখ্য যে, বহুদিনৰ আগৰে পৰা কাটিগড়া ব্লকৰ খণ্ড উন্নয়ন বিষয়া সুজা হোসেন মজুমদাৰৰ বিৰুদ্ধে বিভিন্ন চৰকাৰী আঁচনিত ব্যাপক কেলেংকাৰী সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছিল ৷ কিন্তু উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত মুকলিকৈ ঘূৰি ফুৰিছিল বিষয়াগৰাকীয়ে ৷ অৱশেষত শনিবাৰে কাছাৰ জিলাৰ এগৰাকী উচ্চ পদস্থ বিষয়াই বিভিন্ন কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগত খণ্ড উন্নয়ন বিষয়া সুজা হোসেন মজুমদাৰৰ বিৰুদ্ধে কাটিগড়া থানাত এক গোচৰ ৰুজু কৰে ৷
উক্ত গোচৰৰ ভিত্তিতে বিষয়াগৰাকীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷