অসম

assam

By

Published : Apr 15, 2021, 12:59 PM IST

ETV Bharat / state

কোটি টকাৰ ৰাজহ ফাকিৰে বৰাকত চলিছে বার্মিজ চুপাৰিৰ চিণ্ডিকেটৰাজ !

শিলচত একাংশ ক’লা বেপাৰী তথা ক’লা ব্যৱসায়ী চক্ৰই এক বৃহৎ বার্মিজ চুপাৰিৰ চিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈছে ৷ এই চক্ৰটোৱে অকল যে বার্মিজ চুপাৰিৰ চিণ্ডিকেটেই চলাই নিছে সেয়া নহয়, সামান্তৰালভাৱে চলাই নিছে বাৰ্মিজ চিগাৰেটৰ লগতে কয়লা চিণ্ডিকেট ৷

কোটি টকাৰ ৰাজহ ফাকিৰে বৰাকত চলিছে বার্মিজ চুপাৰিৰ চিণ্ডিকেটৰাজ
কোটি টকাৰ ৰাজহ ফাকিৰে বৰাকত চলিছে বার্মিজ চুপাৰিৰ চিণ্ডিকেটৰাজ

কাছাৰ, 15 এপ্ৰিল :ক'লা সাম্ৰাজ্যলৈ পৰিণত হৈছে বৰাক উপত্যকা ৷ এই ক'লা সাম্ৰাজ্য চলাই নিছে একাংশ ৰাজনৈতি নেতা-পালিনেতা আৰু বিশেষ কেইজন মান উচ্চ পদস্থ লোকৰ পৃষ্ঠপোষকতাত একাংশ ক'লা বেপাৰীয়ে ৷ এই অভিযোগ ৰাইজৰ ৷ কিয়নো শেহতীয়াকৈ শিলচত একাংশ ক’লা বেপাৰী তথা ক’লা ব্যৱসায়ী চক্ৰই এক বৃহৎ বার্মিজ চুপাৰিৰ চিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈছে ৷ এই চিণ্ডিকেট গঢ়ি তোলা ক’লা ব্যৱসায়ী তথা চক্ৰটোৱে অকল যে বার্মিজ চুপাৰিৰ চিণ্ডিকেটেই চলাই নিছে সেয়া নহয়, সামান্তৰাল ভাৱে চলাই নিছে বাৰ্মিজ চিগাৰেটৰ লগতে কয়লা চিণ্ডিকেট ৷

এই বৃহৎ চক্ৰটোৱে চিণ্ডিকেটৰ জৰিয়তে বছৰে কোটি কোটি টকা ৰাজহ ফাকি দি অহাৰ লগতে বৰাকত সৃষ্টি কৰিছে অবৈধ বৃহৎ এখন বজাৰ ৷ মন কৰিবলগীয়া এই যে, এই ক’লা বেপাৰী চক্ৰটোৱে চিণ্ডিকেটৰ বাবে সহায় লৈছে ভাৰতীয় ৰেল সেৱা ৷ অৰ্থাৎ ৰেল সেৱাৰ জৰিয়তে চলাই নিছে বার্মিজ চুপাৰিৰ এই বৃহৎ চিণ্ডিকেট ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে একাংশ সচেতন লোকে শিলচৰ ৰেল ষ্টেচনত প্ৰত্যক্ষ কৰে কেইবা বস্তা বাৰ্মিজ চুপাৰী ৷

কোটি টকাৰ ৰাজহ ফাকিৰে বৰাকত চলিছে বার্মিজ চুপাৰিৰ চিণ্ডিকেটৰাজ !

বাৰ্মিজ চুপাৰী বস্তবোৰ প্ৰত্যক্ষ কৰাৰ পাচতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে স্থানীয় একাংশ লোকে ৷ তেওঁলোকৰ মতে ৰেল সেৱাৰ জৰিয়তেই বৰাক তথা অসমলৈ প্ৰত্যেক দিনে আমদানি হৈ আছে হাজাৰ হাজাৰ বস্তাৰ বাৰ্মিজ চুপাৰী ৷ এই চুপাৰী বজাৰখন সম্পূৰ্ণ ক’লা প্ৰক্ৰিয়া তথা অবৈধভাৱে চলি আহিছে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় লোকে ৷

তদুপৰি এই ক’লা বজাৰখনৰ সন্দৰ্ভত মৌনতা অৱলম্বন কৰা কাছাৰ আৰক্ষীকো দোষাৰূপ কৰে স্থানীয় লোকে ৷ কাছাৰ আৰক্ষী অধীক্ষক এই ক্ষেত্ৰত অৱগত হয় যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী অধীক্ষকজনে ৷

ইয়াৰ পূৰ্বে হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত কুমড়াখাউৰী গাঁৱত মিজোৰামৰ পৰা অহা এখন বাৰ্মিজ চুপাৰিৰ গাড়ীত লুটপাট সংঘটিত হৈছিল ৷ এই সন্দৰ্ভতৱ নজৰুল হুছেইন বৰভূঞাৰ এজাহাৰৰ ভিত্তিত লালা আৰক্ষীৰ চকী এক গোচৰ ৰুজু হোৱাৰ পাচতে লালা আৰক্ষীয়ে এই লুটপাটৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে নয়েজ আহমেদ বৰভূঞা, ফয়জোৰ ৰহমান মজুমদাৰ আৰু বাবুল কৰ ৷ মন কৰিবলগীয়া এই যে, লুটপাট হোৱা গাড়ীখনৰ পৰা প্ৰায় ৮২ বেগ বাৰ্মিজ চুপাৰিৰ উদ্ধাৰ কৰে লালা আৰক্ষীয়ে ।

ইয়াৰ পাচতে অসম মিজোৰাম সীমান্তৰ ৰামনাথপুৰ আৰু বিলাইপুৰ হৈ শ শ বাৰ্মিজ চুপাৰিৰ ট্ৰাক প্ৰত্যেক দিনেই অসমত প্ৰৱেশ কৰা বুলি অভিযোগ উত্থাপন হয় ৷ লগতে এই ক্ষেত্ৰত হাইলাকান্দি আৰক্ষীৰ নিৰৱ ভূমিকা পালন কৰে বুলিও একাংশ সচেতন লোকে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: ক’ভিডৰ বিৰুদ্ধে মোডীৰ নতুন অভিযান "জনভাগীদাৰী"

ABOUT THE AUTHOR

...view details