কাছাৰ,31 জুলাই :বৰাক উপত্যকাৰ কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ বালাছাৰাত নৈত গা ধুবলৈ গৈ নিখোজ হৈ পৰিছিল অনুপম বৰ্মন নামৰ ২৬ বছৰীয়া যুৱক জন ৷ বৃহস্পতিবাৰে যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
উল্লেখ যোগ্য যে, মঙলবাৰে পুৱা ১০ বজাত বাসগৃহৰ কাষতে থকা পুৰন্দৰপুৰ জাতিংগা নদীত গা ধুবলৈ গৈ নিখোজ হৈ পৰিছল যুৱক জন ৷ পৰিয়াল লোকে নিখোজ হোৱাৰ খবৰ লাভ কৰি এন ডি আৰ এফ বাহিনীক খবৰ দিয়ে ৷ ইপিনে নৈ খনত এন ডি আৰ এফৰ দলে অভিযান চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম ন‘হল যুৱক জনক ৷