অসম

assam

By

Published : May 19, 2019, 4:24 PM IST

ETV Bharat / state

আজি বৰাকত ভাষা শ্বহীদ দিৱস

1961 চনৰ আজিৰ দিনটোতে শিলচৰ চহৰৰ তাৰাপুৰ ৰে'ল ষ্টেচনত আৰক্ষীৰ গুলীত এঘাৰগৰাকী লোক শ্বহীদ হৈছিল ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, সাংসদ সুস্মিতা দেৱ , মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পালকে ধৰি সাধাৰণ ৰাইজে শ্বহীদসকলক স্মৰণ কৰে ৷

বৰাকত জাতীয় দিৱস পালন

শিলচৰ , 19 মে': বৰাকৰ ভাষা শ্বহীদ দিৱস উপলক্ষে আজি বৰাক উপত্যকাত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে ৷ 1961 চনৰ আজিৰ দিনটোতে শিলচৰ চহৰৰ তাৰাপুৰ ৰে'ল ষ্টেচনত আৰক্ষীৰ গুলীত এঘাৰগৰাকী লোক শ্বহীদ হৈছিল ৷

বৰাকত ভাষা শ্বহীদ দিৱস পালন

পুৱাৰে পৰা বৰাক উপত্যকাৰ লোক সকলে গাঁও তথা চহৰৰ নানা ঠাইত থকা শ্বহীদ বেদীসমূহত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ ইপিনে শিলচৰ চহৰৰ ৰে'ল ষ্টেচন, শ্মশানঘাট আৰু শ্বহীদ বেদীত স্মৃতিতৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ, সাংসদ সুস্মিতা দেৱ , মন্ত্ৰী পৰিমল শুক্লবৈদ্য, বিধায়ক দিলীপ পালকে ধৰি সাধাৰণ ৰাইজে শ্বহীদসকলক স্মৰণ কৰে ৷

ABOUT THE AUTHOR

...view details