অসম

assam

ETV Bharat / state

বহু প্ৰতীক্ষিত বৰাক নদীৰ ওপৰৰ দলং উদ্বোধন - ETV BHARAT

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে উদ্বোধন কৰে বহু প্ৰতীক্ষিত বৰাকৰ ওপৰৰ দলংখনৰ । শিলচৰ চহৰৰ সৈতে উধাৰবন্দ সমষ্টিৰ ৰংপুৰৰ লগত সংযোগ স্থাপন কৰিব দলংখনে ।

BRIDGE INAUGURATION

By

Published : Mar 2, 2019, 5:58 PM IST

Updated : Mar 3, 2019, 9:41 AM IST

শিলচৰ, ২ মাৰ্চ: শনিবাৰেউদ্বোধনী অনুষ্ঠান সম্পন্ন হয় বহু প্রতিক্ষীত বৰাক নদীৰ ওপৰৰ নৱনিৰ্মিত দলং। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত শিলচৰৰ সদৰঘাটত ৫৫৫ মিটাৰ দীঘল আৰু ২৩ মিটাৰ বহল দলংখনৰ উদ্বোধনী হয় ।

BRIDGE INAUGURATION
উত্তৰ পূৱ ৰিজিয়ন তথা ডনাৰ মন্ত্ৰালয় (এন এল চি পি আৰ) প্রকল্পৰ অধীনত ৬০ কোটি টকা ব্যয়েৰে ২০১৪ চনৰ ২৮ ফেব্ৰুৱাৰীতে প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েদলংখনৰশিলান্যাস কৰিছিল। শিলচৰ গড়কাপ্তানী গ্ৰাম্য সংমণ্ডলৰ অধীনত যোৱা পাচঁ বছৰে নিমার্ণ কৰি থকা দলংখন শিলচৰ চহৰৰ সৈতে উধাৰবন্দ সমষ্টিৰ ৰংপুৰৰ লগত সংযোগ স্থাপন কৰিব ।

অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীদল কংগ্ৰেছৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে ৫৫ বছৰে জনসাধাৰণক অন্ধকাৰত ৰাখি আহিছিল কিন্তু বি জে পিয়ে পোহৰলৈ আনিছে । বি জে পিৰ ৰাজত্বকালত শিলচৰত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে হিমা দাসৰ দৰে সকলোৱে আন্তৰ্জাতিক পৰ্যায়ত জিলিকি উঠিব লাগিব বুলি জনায় । ইয়াৰোপৰিও মন্ত্ৰীগৰাকীয়ে ৮৭.১০ কোটি টকা ব্যয়েৰে বৰাক নদীৰ ওপৰত অন্নপূৰ্ণা ঘাটৰ সংলগ্ন এলেকাত আন এখন দলঙৰ আধাৰশিলা স্থাপন কৰে ।

Last Updated : Mar 3, 2019, 9:41 AM IST

ABOUT THE AUTHOR

...view details