শিলচৰ,30 জানুৱাৰীঃ বদৰুদ্দিন আজমল এজন চৰম সাম্প্ৰদায়িক মানুহ ৷ তেওঁ সাম্প্ৰদায়িকতাৰে ৰাজনীতি কৰি আহিছে ৷ ধৰ্মক লৈ ৰাজনীতি কৰে ৷ আমি ধৰ্মক লৈ নহয়,উন্নয়নৰ ৰাজনীতি কৰো শুকুৰবাৰে সোণাই সমষ্টিত এখন জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে ৷
বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ - উভতি ধৰিছে আমিনুল হক লস্কৰে
কিছু দিন পূৰ্ৱে বদৰুদ্দিন আজমলে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙিব,বোৰ্খা পিন্ধি বাহিৰলৈ ওলাব নোৱাৰিব,দাড়ি টুপী পিন্ধি মুছলমান সম্প্ৰদায়ৰ লোক বাহিৰলৈ ওলাব নোৱাৰিব বুলি কৰা মন্তব্যৰ পাছতে বদৰুদ্দিনক উভতি ধৰিছে আমিনুল হক লস্কৰে ৷
উল্লেখযোগ্য যে,কিছু দিন পূৰ্ৱে বদৰুদ্দিন আজমলে বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙিব,বোৰ্খা পিন্ধি বাহিৰলৈ ওলাব নোৱাৰিব,দাড়ি টুপী পিন্ধি মুছলমান সম্প্ৰদায়ৰ লোক বাহিৰলৈ ওলাব নোৱাৰিব বুলি কৰা মন্তব্যৰ পাছতে বদৰুদ্দিনক উভতি ধৰিছে আমিনুল হক লস্কৰে ৷ তেওঁ লগত কয় যে,কংগ্ৰেছ আমোলত বড়োলেণ্ডত সংঘটিত সংঘাটত ৭০ টা মছজিদ-মাদ্ৰাছা ভাঙি-চূৰমাৰ কৰা হৈছিল । সংখ্যালঘু ৰাইজক হত্যা কৰা হৈছিল। ঘৰবাৰী সা-সম্পত্তি জ্বলাই দিয়া হৈছিল । সেই সময়ছোৱাত চৰকাৰ আছিল কংগ্ৰেছৰ । বৰ্তমান কংগ্ৰেছ আৰু এআইইউডিএফ মহাজোঁট বন্ধনত আছে । গতিকে কংগ্ৰেছৰ দিনত মছজিদ-মাদ্ৰাছা ভঙাৰ দায়িত্ব কংগ্ৰেছে লোৱা উচিত । তাৰ বিপৰীতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য নকৰি বড়োলেণ্ডত মছজিদ-মাদ্ৰাছা কিয় ভঙা হৈছিল বুলি বদৰুদ্দিন আজমলে কংগ্ৰেছক প্ৰশ্ন কৰা উচিত বুলি আমিনুল হক লস্কৰে উল্লেখ কৰে ।
লগতে পঢ়কঃ বিটিআৰত উপস্থিত হ'ল 3 idiots ৰ আঁৰত থকা প্ৰকৃত ব্যক্তিজন