অসম

assam

ETV Bharat / state

ডিমা-হাছাওৰ ফলাফল কিয় শূণ্য ! - হাইস্কুল শিক্ষান্ত পৰীক্ষা

জিলাখনৰ 20 খন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ১৪ খন বিদ্যালয়ৰে ফলাফল শূণ্য ৷

চৰকাৰী বিদ্যালয়ৰ তথৈবচ ফলাফল

By

Published : May 26, 2019, 10:35 PM IST

Updated : May 26, 2019, 11:40 PM IST

ডিমা হাছাও, 26 মে' : ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয়যাত্ৰা বিপৰীতে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ তথৈবচ ফলাফলে উদঙাইছে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পঁয়ালগা স্বৰূপ ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিমা হাছাওৰ ১৪ খন চৰকাৰী বিদ্যালয়ৰ ফলাফলত প্ৰকাশ পাইছে চৰকাৰী বিদ্যালয়ৰ দুখলগা ছবি ৷ জিলাখনৰ 20 খন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ১৪ খন বিদ্যালয়ৰে ফলাফল শূণ্য ৷ এগৰাকী শিক্ষাৰ্থীও উত্তীৰ্ণ নহ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷ মাত্ৰ 4 খন বিদ্যালয়তহে ১০০ শতাংশ উত্তীৰ্ণ হ'ল শিক্ষাৰ্থী ৷

বিগত বৰ্ষতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলাখনৰ ৬ খন চৰকাৰী বিদ্যালয়ৰ ফলাফল আছিল শূণ্যৰ ঘৰত ৷ যদিও এইবেলি ইয়াৰ সংখ্যা বৃদ্ধি হৈ 14 খন বিদ্যালয়ৰে ফলাফল হৈ পৰে শূণ্য ৷

চৰকাৰী বিদ্যালয়ৰ তথৈবচ ফলাফল

ইপিনে চৰকাৰী বিদ্যালয় এই তথৈবচ ফলাফলৰ বাবে নিৰ্বাচন আৰু বিভিন্ন কামত শিক্ষকক নিয়োগ কৰাৰ কাৰণতহে মানদণ্ড তললৈ গৈ আছে বুলি দায়সৰা মন্তব্য বিদ্যালয়ৰ পৰিদৰ্শক বীৰেন সিং ইংতিৰ । ফলাফল শূণ্য হোৱা এনে বিদ্যালয়ৰ বিৰুদ্ধে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও মত প্ৰকাশ বীৰেন সিং ইংতিৰ ৷

Last Updated : May 26, 2019, 11:40 PM IST

ABOUT THE AUTHOR

...view details