অসম

assam

ETV Bharat / state

শিলচৰত মুকলি হ'ল ভূমি পৰীক্ষাগাৰ কাৰ্যালয় - কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য

ভূমি পৰীক্ষাগাৰ কাৰ্যালয় মুকলি কৰি ৰাইজক সজাগ হোৱাৰ আহ্বান কৃষি মন্ত্ৰীৰ ৷ শিলচৰৰ পশু চিকিৎসালয়খন অচিৰেই উন্নতমানৰ কৰাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ ৷

শিলচৰত মুকলি হল ভূমি পৰীক্ষাগাৰ কাৰ্যালয়

By

Published : Sep 12, 2019, 8:30 PM IST

শিলচৰ,12 ছেপ্তেম্বৰ: শিলচৰত মুকলি হল কৃষি বিভাগৰ ভূমি পৰীক্ষাগাৰৰ লগতে চৰকাৰী বিভিন্ন আঁচনিৰ ৰূপায়নৰ সুবিধাৰ বাবে ব্যৱহৃত কাৰ্যালয় ৷ বৃহস্পতিবাৰে শিলচৰৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কাৰ্যালয়টো উদ্ধোধন কৰে ৰাজ্যিক কৃষি মন্ত্ৰী অতুল বৰাই ৷ সভাত অংশগ্ৰহন কৰি বৰাক উপত্যকাৰ কৃষক সকলৰ উন্নতিৰ কাৰণে শিলচৰৰ পশু চিকিৎসালয়খন অচিৰেই উন্নত মানৰ কৰা হ'ব আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

শিলচৰত মুকলি হল ভূমি পৰীক্ষাগাৰ কাৰ্যালয়

উল্লেখ্য যে ভাষণৰ মাজতে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় অতুল বৰাই ৷ কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰী গৰীকীয়ে উল্লেখ কৰে যে বিগত দিনত যিমানে আঁচনি ৰূপায়ন হৈ আহিছে সেই সকলবোৰ সঠিক ৰূপত ৰূপায়ন হোৱা নাই ৷ গতিকে ৰাইজে নিজৰ মাজতে সজাগতা সৃষ্টি কৰি আঁচনি সমুহ সঠিক ৰূপায়ন কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details