শিলচৰ,২৬ জুন: ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে'লত মহিলাৰ ওপৰত অশালীন আচৰণৰ ঘটনা। কিন্তু এইবাৰ যাত্ৰীয়ে নহয়,স্বয়ং ৰেল আৰক্ষীৰ হাতত শ্লীলতা হানি হ'ল এগৰাকী মহিলাৰ। শিলচৰৰ সাংস্কৃতিক কর্মী শ্বেতা ৰায়ে ৰেলেৰে যাত্ৰা কৰোতে ৰেল সুৰক্ষা কৰ্মীৰ অভব্য আচৰণৰ বলি হ'ব লগা হয় । কলিকতাৰ পৰা শিলচৰলৈ আহি থাকোতে কামাখ্যা জংচনত এগৰাকী সুৰক্ষাকৰ্মীয়ে অশালীন ব্যৱহাৰ কৰাত হতভম্ব হৈ পৰে উপস্থিত ৰাইজ ।
ৰেল আৰক্ষীৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ মহিলাৰ
এইবাৰ ৰেল সুৰক্ষাকৰ্মীৰ অভব্য আচৰণৰ বলি হৈছে শিলচৰৰ সাংস্কৃতিক কর্মী শ্বেতা ৰায়। কলিকতাৰ পৰা শিলচৰলৈ যোৱাৰ পথত ৰেল সুৰক্ষাকৰ্মীৰ অশালীন আচৰণৰ সন্মুখীন হয় এগৰাকী মহিলা
ৰেল আৰক্ষীৰ বিৰুদ্ধে অশালীন আচৰণৰ অভিযোগ মহিলাৰ
ইতিমধ্যে,দোষীক উপযুক্ত শাস্তিৰ দাবীত বৰাকৰ বহুকেইটা সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মহিলা মিলন সেৱাৰ সম্পাদক সহেলী দেৱ, বিৰাট হিন্দুস্থান সংগম সংগঠনৰ কাছাৰ জিলা সভাপতি বিশ্বজিৎ দাসৰ লগতে বহুলোকে ঘটনাৰ নিন্দা কৰাৰ লগতে অনতিপলমে মহিলাক সুৰক্ষা প্ৰদান কৰিবলৈ ৰেলবিভাগক আহ্বান জনায় । অন্যথা তীব্ৰ আন্দোলনত নমাৰ হুংকাৰ দিয়ে সংগঠনৰ সদস্যসকলে।
Last Updated : Jun 26, 2019, 1:36 PM IST