অসম

assam

ETV Bharat / state

ৰাজ্যৰ কাগজ কলৰ লেখীয়া পৰিস্থিতি অসম বিশ্ববিদ্যালয়ত

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পৰিৱেশ ৰাজ্যত শেহতীয়াকৈ বন্ধ হোৱা কাগজ কলৰ দৰে হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সকলো বিষয়াৰ কক্ষত তলা ওলোমাই কাম-কাজ স্তব্ধ কৰি ৰাখিছে ।

শিলচৰ
শিলচৰ

By

Published : Jan 17, 2020, 11:37 PM IST

শিলচৰ,17 জানুৱাৰীঃ শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পৰিৱেশ ৰাজ্যত শেহতীয়াকৈ বন্ধ হোৱা কাগজ কলৰ দৰে হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । বিশ্ববিদ্যালয়ৰ আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগৰ সকলো বিষয়াৰ কক্ষত তলা ওলোমাই কাম-কাজসমূহ স্তব্ধ কৰি ৰাখিছে । বিশ্ববিদ্যালয়ৰ পৰীক্ষা,নিয়মীয়া পাঠদান আৰু আন বিভাগীয় কাম-কাজ স্বাভাৱিকভাৱে চলি আছে যদিও প্ৰশাসনিক ভৱনৰ সকলো কাম শুকুৰবাৰ পৰ্যন্ত বন্ধ হৈ আছে । উপাচাৰ্য,সহ-উপাচাৰ্য,পঞ্জীয়ক,সহ-পঞ্জীয়ক,পৰীক্ষা নিয়ন্ত্ৰককে ধৰি সকলো বিষয়াৰ কক্ষ সম্প্ৰতি বন্ধ হৈ আছে ।

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ পৰিৱেশ

অসম বিশ্ববিদ্যালয় সুৰক্ষা সমিতিৰ সভাপতি স্বপন পালে অনতিপলমে আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ লগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ যুটীয়া বৈঠক আহ্বান কৰি সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ পালে কয়,এই অৱস্থা অপৰিৱৰ্তিত থাকিলে বিশ্ববিদ্যালয়খন কাগজ কলৰ নিচিনাকৈ বন্ধ হৈ পৰিব।

লগতে চাওকঃ2020 বৰ্ষৰ শিল্পী বঁটা গোপীকান্ত সিনহা আৰু অপূৰ্ব বেজবৰুৱাক প্ৰদান

ABOUT THE AUTHOR

...view details