শিলচৰ,8এপ্ৰিল:কাছাৰ জিলাৰ ধলাইৰ বিভিন্ন ঠাইৰ সংৰক্ষিত বনাঞ্চলৰ পাহাৰত জুই জ্বলাই ঝুম খেতি আৰু ৰেমা খেতি কৰাৰ তীব্ৰ বিৰোধিতা কৰিলে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক পার্থঙ্কৰ চৌধুৰীয়ে ৷ বৃহস্পতিবাৰে এক ভিডিঅ'ৰ জৰিয়তে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক পার্থঙ্কৰ চৌধুৰীয়ে কয় যে,এই বনাঞ্চল ধ্বংসৰে পৰিৱেশ বিনষ্ট কৰা হৈছে ৷
সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাক লৈ সৰৱ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক - অধ্যাপক পার্থঙ্কৰ চৌধুৰী
কাছাৰ জিলাৰ ধলাইৰ বিভিন্ন ঠাইৰ সংৰক্ষিত বনাঞ্চলৰ পাহাৰত জুই জ্বলাই ঝুম খেতি আৰু ৰেমা খেতি কৰাৰ তীব্ৰ বিৰোধিতা কৰিলে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক পার্থঙ্কৰ চৌধুৰীয়ে ৷ বৃহস্পতিবাৰে এক ভিডিঅ'ৰ জৰিয়তে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক পার্থঙ্কৰ চৌধুৰীয়ে কয় যে,এই বনাঞ্চল ধ্বংসৰে পৰিৱেশ বিনষ্ট কৰা হৈছে ৷

সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাক লৈ সৰৱ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক
সংৰক্ষিত বনাঞ্চল ধ্বংস কৰাক লৈ সৰৱ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক
তদুপৰি বিগত বহুদিনৰ পৰা এই বন ধ্বংস যজ্ঞ কৰি থকা বুলি উল্লেখ কৰি ইয়াৰ ফলত বায়ুমণ্ডলৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰিছে বুলি অভিযোগ কৰে অধ্যাপকগৰাকীয়ে ৷ আনহাতে,বন বিভাগৰ নিৰ্লিপ্ততাকো কঠোৰ সমালোচনা কৰে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকীয়ে ৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰক শীঘ্ৰে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় অধ্যাপক পার্থঙ্কৰ চৌধুৰীয়ে ৷
লগতে পঢ়ক:বঙাইগাঁৱত আটক গৰুচোৰ:গৰুচোৰৰ পিঠিত পৰিল ৰাইজৰ ঔকিল