শিলচৰ, 13 ফেব্ৰুৱাৰীঃ স্বাস্থ্য অৱনতি ঘটিছে অসম বিশ্ববিদ্যালয়ৰ অনশনত বহা ছাত্ৰ-ছাত্ৰীৰ ৷ বৃহস্পতিবাৰে অনশনৰত তিনি ছাত্ৰ-ছাত্ৰীক শাৰিৰীক অবস্থাৰ অৱনতিৰ বাবেই ভৰ্তি কৰোৱা হয় শিলচৰ মেডিকেল কলেজত ৷ চিকিৎসাধীন ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ উপৰিও গৱেষকৰ আন অনশনৰত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ ক্ৰমাৎ স্বাস্থ্য অৱনতি ঘটিছে বুলি মন্তব্য কৰে অনশনকাৰীসকলে ৷
চিকিৎসালয়ত ভৰ্তি অসম বিশ্ববিদ্যালয়ৰ অনশনৰত ছাত্ৰ-ছাত্ৰী
বৃহস্পতিবাৰে শিলচৰ মেডিকেল কলেজত ভৰ্তি অসম বিশ্ববিদ্যালয়ৰ অনশনৰত গৱেষক ছাত্ৰ-ছাত্ৰী ৷ অনশনৰত তিনি ছাত্ৰ-ছাত্ৰীক শাৰিৰীক অবস্থাৰ অৱনতিৰ বাবেই ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷
চিকিৎসালয়ত ভৰ্তি অসম বিশ্ববিদ্যালয়ৰ অনশনৰত ছাত্ৰ-ছাত্ৰী
উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ এজনক গৱেষক ছাত্ৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বে-আইনীভাৱে বহিস্কাৰ কৰা বাবে বিগত 4 দিন ধৰি ছাত্ৰ-ছাত্ৰী সকলে অব্যাহত ৰাখিছে অনশন কাৰ্যসূচী ৷