অসম

assam

ETV Bharat / state

অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ - অসম বিশ্ববিদ্যালয়ত দীক্ষান্ত সমাৰোহ

অসম বিশ্ববিদ্যালয়ত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থী সকলে ৷ ক’ভিড-19ৰ বাবে চলিত বৰ্ষত কেৱল স্বৰ্ণ পদক লাভ কৰা শিক্ষাৰ্থীয়েহে দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল বিশ্ববিদ্যালয় খনৰ কৰ্তৃপক্ষই ৷

as_slc_Assam_University_heated_up _in_student_movement_vis_ASC10043
অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

By

Published : Dec 9, 2020, 9:00 PM IST

শিলচৰ,9 ডিচেম্বৰ : অসম বিশ্ববিদ্যালয়ত শিক্ষৰ্থীৰ প্ৰতিবাদ ৷ বিশ্ববিদ্যায়লয় খনত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থী সকলে ৷ ক’ভিড-19ৰ বাবে চলিত বৰ্ষত কেৱল স্বৰ্ণ পদক লাভ কৰা শিক্ষাৰ্থীয়েহে দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷ কিন্তু কৰ্তৃপক্ষৰ এই সিদ্ধান্ত মানি নলয় শিক্ষাৰ্থী সকলে ৷

অসম বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ প্ৰতিবাদ

বুধবাৰে দিনৰ 12 বজাৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ৷ এই সন্দৰ্ভত শিক্ষাৰ্থীৰে আলোচনাত মিলিত হয় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য দিলীপ কুমাৰ নাথ আৰু মুখ্য পঞ্জীয়ক কৰিণ নাথ ৷ কিন্তু এই আলোচনাৰ অন্ততো কোনো নিৰ্দিষ্ট সিদ্ধান্ত উপনীত নহয় দুয়োটা পক্ষ ৷ আনহাতে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে শিক্ষাৰ্থী সকলে ৷

লগতে পঢ়ক-মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ

ABOUT THE AUTHOR

...view details