অসম

assam

ETV Bharat / state

কাছাৰৰ চাহ বাগিছাত হাহাকাৰ পৰিস্থিতি - আৰকাটিপুৰ চাহ বাগিছা

কাছাৰৰ আৰকাটিপুৰ চাহ বাগিছা আৰু গাঁওবাসীৰ মাজত লক ডাউনক লৈ হাহাকাৰ পৰিস্থিতি ৷ খাদ্যৰ নাটনিত ভুগিছে দৰিদ্ৰ পৰিয়ালৰ লোকসকলে ৷ প্ৰধানমন্ত্ৰীৰ 1000 টকাৰ সাহাৰ্যৰ পৰাও বঞ্চিত এইসকল লোক ৷

কাছাৰৰ চাহ বাগিছাত হাহাকাৰ পৰিস্থিতি
কাছাৰৰ চাহ বাগিছাত হাহাকাৰ পৰিস্থিতি

By

Published : Apr 15, 2020, 7:21 PM IST

কাছাৰ, 15 এপ্ৰিল: লকডাউন চলি থকাৰ ফলত কাছাৰৰ আৰকাটিপুৰ চাহ বাগিছাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । চাহ বাগিছাৰ শ্ৰমিকৰ লগতে গাঁওবাসীৰ মাজতো একেই অৱস্থা পৰিলক্ষিত হৈছে । নাই খাবলৈ খাদ্য সামগ্ৰী,পোৱা নাই সাহাৰ্যও। একো নাখাই খালি পেটে দিন-ৰাতি কটাবলৈ বাধ্য হৈছে বহুতো পৰিয়ালৰ লোকে । প্ৰধানমন্ত্ৰীৰ 1000 টকাৰ সাহাৰ্যও যেন তেওঁলোকৰ বাবে দুঃস্বপ্নৰ লেখীয়া হৈ পৰিছে । প্ৰধানমন্ত্ৰীৰ এই সাহাৰ্য কোনোবা হিতাধিকাৰীয়ে গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ দুৰ্ভাগ্যজনকবশতঃ এটুপি খোৱাপানীৰ বাবেও কাকূতি-মিনতি কৰিবলৈ বাধ্য হৈছে এলেকাৰ ৰাইজে ।

কাছাৰৰ চাহ বাগিছাত হাহাকাৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details