শিলচৰ,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে শিলচৰত উত্তাল প্ৰতিবাদ৷ মন্ত্ৰী পীযূষ হাজৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ কৰে শিলচৰৰ একাংশ দল সংগঠনৰ লগতে কংগ্ৰেছ কৰ্মীয়ে ৷ উল্লেখ্য যে শিলচৰৰ ঐতিহ্যমণ্ডিত গান্ধী পাৰ্কত শিলচৰ পৌৰসভাই সম্পূৰ্ণ অবৈধভাৱে হোটেল, শ্বপিং মল, বাৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল ৷ এই আঁচনিৰ উদ্ধোধনৰ কাৰণে বৃহস্পতিবাৰে মন্ত্ৰী পীযূষ হাজাৰিকাই এক সভাত অংশ ল'বলৈ যাঁওতেই প্ৰতিবাদৰ সন্মুখীন হয় ৷ সম্মিলিত সাংস্কৃতিক সংস্থাৰ নেতৃত্বত কংগ্ৰেছ সহ চহৰৰ হাজাৰ হাজাৰ সাংস্কৃতিক কৰ্মীয়ে গান্ধী পাৰ্কৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে এই প্ৰতিবাদত কংগ্ৰেছ নেত্ৰী সুস্মিতা দেবে অংশ লয় ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগঃ সম্পূৰ্ণ অবৈধ ভাৱে শিলচৰ পৌৰসভাই ঐতিহাসিক গান্ধী পাৰ্কখন বাণিজ্যিকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে ৷ যাৰ ফলত চহৰৰ ঐতিহ্য নষ্ট হ'ব ৷
শিলচৰত মন্ত্ৰী পীযূষ হাজৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ - উত্তাল প্ৰতিবাদ
মন্ত্ৰী পীযূষ হাজৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ কৰে শিলচৰৰ একাংশ দল সংগঠনৰ লগতে কংগ্ৰেছ কৰ্মীয়ে ৷ প্ৰতিবাদতে ক্ষান্ত নাথাকি আৰক্ষীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় প্ৰতিবাদকাৰীসকল ৷ মন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰী সকলৰ ৷
শিলচৰত মন্ত্ৰী পীযূষ হাজাৰিকাৰ সভাক লৈ উত্তাল প্ৰতিবাদ
আনহাতে আৰক্ষী-চিআৰপিএফে এই কাৰ্যত বাধা প্ৰয়োগ কৰিবলৈ যাঁওতে আৰক্ষীৰ লগত তৰ্কাতৰ্কি আৰম্ভ হয় ৷ ইফালে প্ৰতিবাদকাৰীসকলে মন্ত্ৰী পীযূষ হাজৰিকাক কলা পতাকাও প্ৰৰ্দশন কৰে ৷ এনে তুমুল প্ৰতিবাদৰ মাজতে মন্ত্ৰী গৰাকীয়ে পৌৰসভাৰ বিতৰ্কিত এই আঁচনিখন উদ্ধোধন কৰে ৷
Last Updated : Sep 5, 2019, 11:35 PM IST