শিলচৰ, 26 এপ্ৰিলঃ প্ৰধান শিক্ষয়ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ এই ঘটনা সংঘটিত হৈছে শিলচৰৰ 686নং অৰুনোদয় এল পি স্কুলত ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী ছন্দা দাসে 2014 চনৰ পৰা মধ্যাহ্ন ভোজন, বিদ্যালয়ৰ মেৰামতিৰ নামত অহা সকলো ধন আত্মসাত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে ৷ ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰীক নিজৰ গাড়ী ছাফা কৰাৰ কামত লগোৱাৰ লগতে নিজৰ বিভিন্ন কামত লগোৱাৰো অভিযোগ উত্থাপন কৰিছে শিক্ষয়ত্ৰী গৰাকীৰ বিৰুদ্ধে ৷
প্ৰধান শিক্ষয়ত্ৰীৰ ওপৰত মধ্যাহ্ন ভোজনৰ ধন আত্মসাতৰ অভিযোগ - মধ্যাহ্ন ভোজন
অভিযোগ অনুসৰি মধ্যাহ্ন ভোজন, বিদ্যালয়ৰ মেৰামতিৰ নামত অহা সকলো ধন আত্মসাৎ কৰিছে 686নং অৰুনোদয় এল পি স্কুলৰ প্ৰধান শিক্ষয়ত্ৰী ছন্দা দাসে!

প্ৰধান শিক্ষয়ত্ৰীৰ ওপৰত মধ্যাহ্ন ভোজনৰ ধন আত্মসাতৰ অভিযোগ
প্ৰধান শিক্ষয়ত্ৰীৰ ওপৰত মধ্যাহ্ন ভোজনৰ ধন আত্মসাতৰ অভিযোগ
এই সকলো ঘটনাৰ বিষয়ে অভিভাৱক সকলে প্ৰশাসনক অৱগত কৰে যদিও বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে ৷ ফলত এই সকলো ঘটনাৰ আৰত কোনো ৰহস্য থকা বুলিও উল্লেখ কৰে অভিভাৱক সকলে ৷ আনহাতে ঘটনা সম্পৰ্কত জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে অভিভাৱকসকলে ৷