শিলচৰ,17 এপ্ৰিল : শিলচৰত যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথত নামিছে কাছাৰ জিলাৰ জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাসহ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেবৰয়,সকলো অতিৰিক্ত উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকল। জিলা উপায়ুক্তগৰাকীয়ে শিলচৰ চহৰত ৰাজপথত ৰখাই থোৱা যান-বাহনৰো তদন্ত কৰে ৷
লক ডাউন নিয়ন্ত্ৰণত নামিল শিলচৰৰ জিলা উপায়ুক্ত - আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেবৰায়
কাছাৰ জিলাৰ জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাই তেওঁৰ দলসহ ৰাজপথত নামিছে ৷ শিলচৰ চহৰত যান-বাহন নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ যান-বাহনৰ উচিত তদন্ত কৰে ৷ চহৰখনত ইতিমধ্যে অনাই-বনাই ঘূৰি ফুৰা 22 জন লোকক আৰক্ষীয়ে আটক কৰে ৷
লকডাউন নিয়ন্ত্ৰণত নামিল শিলচৰ জিলা উপায়ুক্ত
ইয়াৰোপৰি তেওঁ ৰাজপথত অনাৱশ্যকীয়ভাৱে ৰখাই থোৱা অটো ৰিক্সা,বাইক আদি জব্দ কৰি লৈ যায় ৷ চহৰখনত অনাই-বনাই ঘূৰি ফুৰা 22 জন লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ সকলো তদন্তৰ অন্তত জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাই সকলোৰে সুৰক্ষা আৰু সুস্বাস্থ্যৰ বাবে ৰাইজক লক ডাউন মানি চলিবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা