ডিমা হাছাও, 17 অক্টোবৰ: চৰকাৰ গঠন কৰিয়েই অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ কথা কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু ৰাজ্যত প্ৰকৃততে ছিণ্ডিকেট বন্ধ হৈছে নে ? কিয়নো ৰাজ্যৰ চুকে-কোণে এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় (Barmese Supari) ৷ তথাপিও প্ৰত্যেকদিনাই আৰক্ষীৰ লগতে প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে৷ সময়ে সময়ে প্ৰয়োজন অনুসৰি এনকাউণ্টাৰৰ দৰে পদক্ষেপো লৈছে আৰক্ষীয়ে (Assam police encounter)। যাৰ পৰিণতিত অসম আৰক্ষীৰ দ্বাৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ।
শেহতীয়াকৈ এইবাৰ অসম আৰক্ষীৰ গুলী ফুটিল কাছাৰ জিলাৰ মচিমপুৰত (Assam Police Firing in Cachar) ৷ বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহকাৰীলৈ উদ্দেশ্যি মচিমপুৰ আৰক্ষীয়ে শূণ্যলৈ কৰে গুলীচালনা (Barmese supari syndicate) ৷ সোমবাৰে এক গোপন সূত্ৰৰ লাভ কৰা তথ্য অনুসৰি আৰক্ষীয়ে অভিযান চলাই থাকোতে এখন বাৰ্মিজ চুপাৰি ভৰ্তি বাহনক ৰ’বলৈ দিয়ে ৷ পিছে আৰক্ষীৰ বাধাক আওকাণ কৰি বাৰ্মিজ চুপাৰী ভৰ্তি এখন বাহন আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ লওঁতেই বাধ্য হৈ আৰক্ষীয়ে চলালে গুলী (Machimpur police Encounter) ৷
তাৰ পিছতে বাৰমিজ চুপাৰি ভৰ্তি বাহনখন মচিমপুৰ আৰক্ষীয়ে আটক জব্দ কৰে ৷ লগতে বাৰ্মিজ চুপাৰি চোৰাং সৰবৰাহকাৰৰ জড়িত দুজন লোকক আটক কৰে ৷ ধৃত দুজন দিলদাৰ আলী আৰু ৰফিকুল ইছলাম বুলি মচিমপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে । লগতে মচিমপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মিজোৰামৰ পৰা আহিছিল এই বাৰ্মিজ চুপাৰি ভৰ্তি বাহনখন ৷