নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ :শেহতীয়া বৰাক ভ্ৰমণত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, যদিহে জৰুৰী পদক্ষেপ লোৱা নহয় তেন্তে ৰাজ্যখন পৰৱৰ্তী কাশ্মীৰ হোৱাৰ পথত অৱতীৰ্ণ হৈছে । দুদিনীয়া বৰাক ভ্ৰমণত আৰ এছ এছৰ কাছাৰ জিলাৰ সাংগঠনিক মুখ্য কাৰ্যালয় কেশৱ নিকেতনত এখন বৈঠকত শৰ্মাই কয়, অসম আন এখন কাশ্মীৰ হোৱাৰ দিশত অৱতীৰ্ণ হৈছে । একাংশ মানুহৰ আগ্ৰাসনৰ বাবে সত্ৰবোৰ সম্প্ৰতি বিপদত আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তেওঁ ।
একে সময়তে, ৰাজ্যখনৰ চাহ বেল্ট আৰু সীমান্ত অঞ্চলত বাস কৰা হিন্দুসকলো এনে আগ্ৰাসনৰ বাবে বিলুপ্তিৰ পথত থকাৰো অভিযোগ কৰে তেওঁ ৷ এই সম্পৰ্কত আৰ এছ এছৰ দৃষ্টিগোচৰ কৰি তেওঁ কয়, ''মই আৰ এছ এছ কৰ্মীসকলক এনে অঞ্চলসমূহলৈ যাবলৈ আৰু প্ৰতিষ্ঠানসমূহক বিপদৰ পৰা ৰক্ষা কৰিবলৈ হিন্দুসকলক একত্ৰিত কৰিবলৈ অনুৰোধ জনাইছো । আৰ এছ এছে এইটো কৰিব পাৰে কিয়নো আৰ এছ এছৰ তৃণমূল পৰ্যায়ত সংগঠন আছে আৰু দূৰৱৰ্তী এলেকাত সাধাৰণ লোকৰ সৈতে শক্তিশালী সম্পৰ্ক আছে । মই সংঘক এই দিশত চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছো ।"