শিলচৰ, 4 নৱেম্বৰ :অসম-মিজোৰাম সীমান্তত মিজো দুস্কৃতিকাৰীয়ে এগৰাকী লোকক অপহৰণ কৰি নি হত্যা কৰাৰ চঞ্চল্যকৰ ঘটনাৰ তদন্তৰ ভাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া) ক প্ৰদান কৰাৰ কথা ভাবিছে অসম চৰকাৰে ৷ ৰাজ্যৰ পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মঙলবাৰে এই কথা সদৰী কৰে ৷
এজন চৰকাৰী মুখপাত্ৰই জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে বনমন্ত্ৰী গৰাকীয়ে সোমবাৰে আন্তঃৰাজ্যিক সীমাৰ অসমৰ অংশৰ লাইলাপুৰত উপস্থিত হৈ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয় ৷
অক্টোবৰ 17 তাৰিখে উক্ত অঞ্চলত দুয়োখন ৰাজ্যৰ লোকসকলৰ মাজত হোৱা সংঘৰ্ষৰ পাছতে অঞ্চলটোৰ পৰিৱেশ ষথেষ্ঠ উত্তেজনাময় হৈ আছে ৷ উল্লেখ্য যে 17 অক্টোবৰৰ সংঘৰ্ষৰ ফলত বহুকেইগৰাকী লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কেইবাখন দোকানো ধ্বংস হৈছিল ৷
সোমবাৰে কাচাৰ জিলাৰ নিৱাসী ইন্টাজুল লস্কৰে মিজোৰামৰ জিম্মাত থকা অৱস্থাতে মৃত্যুক সাৱটি লোৱাক লৈয়ে দুয়োখন ৰাজ্যৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ লোকজনক লৈ অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যই পৃথক মত পোষণ কৰিছে ৷ মিজোৰাম আৰক্ষীয়ে মৃত লস্কৰক এজন ড্ৰাগছ ব্যৱসায়ী বুলি দাবী কৰাৰ লগতে অভিযোগ কৰিছে যে দেওবাৰে ড্ৰাগছ দিবলৈ গৈ আন্তঃৰাজ্যিক সীমা পাৰ হোৱাৰ বাবেই লস্কৰক মিজোৰাম প্ৰশাসনে কৰায়ত্ব কৰিছিল ৷ ইফালে সম্পূৰ্ণ পৃথক মত পোষণ কৰি অসম আৰক্ষীয়ে লোকজন কাঠ সংগ্ৰহ কৰিবলৈ অৰণ্যলৈ যোৱাৰ পৰা সন্ধানহীন হোৱা বুলি দাবী কৰিছে ৷
শুক্লবৈদ্যই কয় যে অসম চৰকাৰে এই হত্যাকাণ্ডৰ তদন্তৰ ভাৰ নিয়াক দিয়াৰ বাবে বিবেচনা কৰিছে ৷ বনমন্ত্ৰী গৰাকীয়ে মৃত লস্কৰৰ ঘৰত উপস্থিত হৈ তেওঁৰ পিতৃক পাঁচ লাখ এখন চেক প্ৰদান কৰে ৷