অসম

assam

ETV Bharat / state

কাছাৰ জিলাৰ উপায়ুক্তৰ মিজো আগ্ৰাসন অঞ্চল পৰিদৰ্শন - অসমৰ জনসাধাৰণ

ভাইৰেঙটি সংলগ্ন পাহাৰত মিজোৰামে আগ্ৰাসন কৰাৰ ফলত এতিয়া অসমৰ লোকে সেই স্থানলৈ প্ৰৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নিজ ঘৰবাৰী এৰি নিৰাপত্তা বিছাৰি অন্য স্থানলৈ ঢাপলি মেলিছে ৷ উক্ত অঞ্চলটোত থকা জনসাধাৰণে সম্প্ৰতি উজাগৰে থাকিব লগীয়া হৈছে মিজো দুৰ্বৃত্তৰ উপদ্ৰবৰ ফলত ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে ঘৰবাৰী ৰক্ষা কৰিবলৈ নিশা হ’লে পহৰা দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

assam-mizoram-border-lailapur-area-visited-cachar-dcassam-mizoram-border-lailapur-area-visited-cachar-dc
কাছাৰ জিলাৰ উপায়ুক্তৰ মিজো আগ্ৰাসন অঞ্চল পৰিদৰ্শন

By

Published : Nov 19, 2020, 8:43 AM IST

Updated : Nov 19, 2020, 9:15 AM IST

কাছাৰ,19 নৱেম্বৰঃ প্রাকৃতিক সম্পদৰে সমৃদ্ধ কাছাৰ জিলাৰ ধলাইৰ ৰেংটি পাহাৰত সম্প্ৰতি মিজোৰামে আগ্রাসন অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, মিজোৰাম প্রশাসনৰ দপদপনিত আতংকিত হৈ পৰিছে অসমৰ সীমান্তবৰ্তি অঞ্চলত বসবাস কৰা সৰ্বসাধাৰণ জনতা ।

ইপিনে অসমৰ মাটিতে থকা পাহাৰত প্ৰৱেশ কৰিব নোৱাৰা হৈছে অসমৰ জনসাধাৰণ ৷ ভাইৰেঙটি সংলগ্ন পাহাৰত মিজোৰামে আগ্ৰাসন কৰাৰ ফলত এতিয়া অসমৰ লোকে প্ৰৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নিজ ঘৰবাৰী এৰি নিৰাপত্তা বিছাৰি অন্য স্থানলৈ ঢাপলি মেলিছে ৷ উক্ত অঞ্চলটোত থকা জনসাধাৰণে সম্প্ৰতি উজাগৰে থাকিব লগীয়া হৈছে মিজো দুৰ্বৃত্তৰ উপদ্ৰবৰ ফলত ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে ঘৰবাৰী ৰক্ষা কৰিবলৈ নিশা হ’লে পহৰা দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

কাছাৰ জিলাৰ উপায়ুক্তৰ মিজো আগ্ৰাসন অঞ্চল পৰিদৰ্শন

আনহাতে কাছাৰ জিলাৰ উপায়ুক্ত কীর্তি জল্লি, জিলা বন বিষয়া সান্নিদেও চৌধুৰী, ধলাইৰ ৰেঞ্জাৰ দিব্যজ্যোতি দেউৰিসহ এটা বনকর্মীৰ দল ভাইৰেঙটি পাহাৰৰ ধলাইখাল গাঁও পৰিদর্শন কৰিবৰ বাবে উপস্থিত হৈছিল । পৰিতাপৰ কথা যে, মিজোৰামে দখল কৰা অসমৰ অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰিলে পৰিদৰ্শনৰ বাবে যোৱা দলটো ।

লগতে পঢ়কঃ নাগালেণ্ডক কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’বঃ তুলিৰাম ৰংহাঙ

Last Updated : Nov 19, 2020, 9:15 AM IST

ABOUT THE AUTHOR

...view details