কাছাৰ, 7 আগষ্ট :অসম-মিজোৰাম সীমান্ত (Assam-Mizoram Border)ত মিজো দুৰ্বৃত্তই অসম আৰক্ষী (Assam Police)ক লক্ষ্য কৰি গুলীচালনা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও ৰাজ্যত অব্যাহত আছে ৷ 26 জুলাইত সীমা বিবাদে ভয়ংকৰ ৰূপ লোৱাৰ পিছতে সীমান্তৰ পৰা আঁতৰি আহিছে অসম আৰক্ষী ৷ ইয়াৰ বিপৰীতে আজিও সীমান্ততে বাহৰ পাতি আছে মিজো আৰক্ষী । অসম মিজোৰাম সীমান্তৰ বিবাদক লৈ শুকুৰবাৰে উত্তাল হৈ পৰে কাছাৰ জিলাৰ ভাগা বজাৰ ৷
কাছাৰ জিলাৰ ভাগা বজাৰত শুকুৰবাৰে নিশা মিজোৰাম অভিমুখী চাৰিখন কণী ভৰ্তি বাহনত উত্তেজিত ৰাইজে আক্ৰমণ কৰে ৷ কৰিমগঞ্জৰ পৰা কাছাৰ হৈ মিজোৰামৰ অভিমুখে ৰাওনা হৈছিল বাহনকেইখন ৷ বাহনকেইখন কাছাৰ জিলাৰ ভাগা বজাৰত উপস্থিত হোৱাৰ পাছতেই উত্তেজিত একাংশ ৰাইজে বাহনকেইখন আক্ৰমণ কৰাৰ লগতে কণীৰ কাৰ্টন কেইটা ৰাজপথত পেলাই বিনষ্ট কৰে ৷