শিলচৰ,31 অক্টোবৰ:অসম আৰু মিজোৰামৰ সীমান্তত অব্য়াহত আছে অসম মিজো ভূমি বিবাদ ৷ মিজো দুষ্কৃতিকাৰীয়ে দখল কৰিছে বিঘাই বিঘাই অসমৰ ভূমি ৷ সীমান্তত গাঁও এৰি পলাবলগীয়া হৈছে বহু অসমীয়া পৰিয়ালে ৷ নিজ ভূমিতেই এতিয়া সুৰক্ষিত নহয় তেওঁলোক ৷ মিজো দুষ্কৃতিকাৰীৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি তুলাৰথল গাঁৱৰ ৰাইজে নিজ ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ পলাইছে মিজো সকলৰ ভয়ত ৷ কণ কণ শিশুসকলেও প্ৰাণৰ ভয়ত পলাবলৈ বাধ্য় হৈছে সীমান্তৰ পৰা ৷ পূৰ্বতেও অসম আৰু মিজোৰাম সীমান্তত মিজোৱে চলাইছিল আগ্ৰাসন ৷ ভয় ভাবুকিৰে দখল কৰি আহিছে অসমৰ ভুমি ৷ চুবুৰীয়া ৰাজ্য় মিজোৰামৰ পৰা এক শান্তি পূৰ্ণ পৰিৱেশ বিচাৰে সীমান্তত থকা অসমীয়াই ৷
সীমান্তত মিজো দুষ্কৃতিকাৰীৰ ভয়ত ঘৰবাৰী এৰি পলাইছে অসমীয়াই - এক শান্তি পূৰ্ণ পৰিৱেশ
সীমান্তত অব্য়াহত আছে অসম মিজো ভূমি বিবাদ ৷ মিজোৱে বিঘাই বিঘাই দখল কৰিছে অসমৰ ভূমি ৷ প্ৰাণৰ ভয়ত ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ পলাইছে সীমান্তত থকা অসমীয়াই ৷
সীমান্তত মিজো দুষ্কৃতিকাৰীৰ ভয়ত ঘৰবাৰী এৰি পলাইছে অসমীয়াই