অসম

assam

ETV Bharat / state

জাঠিঙ্গাৰ খহনীয়াই আশংকাত পেলাইছে আমগুৰি জনসাধাৰণক

কিন্তু জনসাধাৰণৰ আবেদন-নিবেদনৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ ৷ চৰকাৰ সলনি হ'ল যদিও নিৰ্মাণ নহ'ল মথাউৰি

By

Published : May 29, 2019, 10:45 PM IST

জাঠিঙ্গাৰ খহনীয়াই আশংকাত পেলাইছে আমগুৰি জনসাধাৰণক

বৰখলা, 22 মেঃ নদীৰ খহনীয়াত আতংকত ভুগিছে ধুমকৰ স্থানীয় ৰাইজ ৷ জাঠিঙ্গা নদীৰ খহনীয়াই দীৰ্ঘদিনৰে পৰা গ্ৰাস কৰি আহিছে বৰখলা সমষ্টিৰ ধুমকৰ গাঁৱক ৷ ধুমকৰ লগতে বৰখলাৰ কেবাখনো গাঁও নিঃশেষ কৰিছে জাঠিঙ্গা নদীৰ খহনীয়াই ৷ সেয়ে উক্ত সমস্যা ৰোধৰ বাবে দীৰ্ঘদিনে চৰকাৰ কিম্বা জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰি আহিছে স্থানীয় ৰাইজে ৷ কিন্তু জনসাধাৰণৰ আবেদন-নিবেদনৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰৰ ৷ চৰকাৰ সলনি হ'ল যদিও মথাউৰি নিৰ্মাণ নহ'ল ৷ বৰ্তমান ধুমকৰৰ এখন প্ৰাথমিক বিদ্যালয় খহনীয়াত পৰি নিঃশেষৰ হোৱাৰ পথত তথাপিও কাণ-সাৰ নাই বিভাগীয় কতৃপক্ষই ৷

জাঠিঙ্গাৰ খহনীয়াই আশংকাত পেলাইছে আমগুৰি জনসাধাৰণক

ABOUT THE AUTHOR

...view details