অসম

assam

ETV Bharat / state

দুদিনীয়া ভ্ৰমণ সূচীৰে বৰাকত শিক্ষা মন্ত্ৰী

বৰাকৰ শিক্ষা ব্যৱস্থা পৰিদৰ্শন কৰাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে শিলচৰত উপস্থিত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু ৷ আগন্তু দুই এদিনৰ ভিতৰতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সৰ্ন্দভত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

assam educations minister
দুদিনীয়া ভ্ৰমণ সূচীৰে বৰাকত শিক্ষা মন্ত্ৰী

By

Published : Jun 10, 2021, 10:45 PM IST

কাছাৰ,10 জুন : ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু দুদিনীয়া কাৰ্যসূচী হাতত লৈ বৃহস্পতিবাৰে বৰাকত উপস্থিত হয় ৷ শিলচৰত উপস্থিত হৈ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে পুৱাৰ ভাগত কাছাৰৰ ইন্সপেক্টৰ অৱ স্কুল, জিলা প্ৰাথমিক শিক্ষা অধিকাৰী আৰু খণ্ড প্ৰাথমিক শিক্ষা অধিকাৰীৰ লগত এখন বৈঠকত মিলিত হয় ৷ লগতে তেওঁ কাছাৰৰ NIT সহ কাছাৰৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰিস্থিতিৰ বুজ লয় ৷ তাৰপাচতে তেওঁ কাছাৰ জিলাৰ বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মকৰ্তা সকলৰ লগতো এখন বিশেষ বৈঠকত মিলিত হয় ৷

দুদিনীয়া ভ্ৰমণ সূচীৰে বৰাকত শিক্ষা মন্ত্ৰী

তাৰপাচতে শিক্ষামন্ত্ৰী গৰাকী কাছাৰৰ পৰা হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ অভিমুখে ৰাওনা হয় । শিলচৰত সাংবাদিকৰ আগত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে, বৰাকৰ শিক্ষা বিভাগ পৰিদৰ্শন কৰিবলৈ তেওঁ বৰাকলৈ আহিছে ৷ আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সৰ্ন্দভত সাংবাদিক সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, আগন্তু দুই এদিনৰ ভিতৰতে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ একেদৰে যদি পৰীক্ষা অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি পৰীক্ষাৰ লগত জড়িত সকলো বিষয়াৰ ক’ভিড পৰীক্ষা কৰোৱা হ’ব বুলি কয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্রীয়ে মুকলি কৰিলে ৩০০ খন বিচনাযুক্ত ক'ভিড হাস্পতাল

ABOUT THE AUTHOR

...view details