কাছাৰ, 22 মাৰ্চঃ কাছাৰজিলাৰ বড়খলাস্থিত ভাৰতীয় তৈল নিগম (IOC)ৰ গেছ বটলিং প্লেন্টত শুকুৰবাৰে শ্ৰমিকৰ প্ৰতিবাদ ৷ তথ্য অনুসৰি 27 বছৰ ধৰি কাম কৰি অহা লোডিং আনলোডিং শ্ৰমিকক বাদ দি নতুনকৈ ট্ৰান্চপোৰ্টাৰৰ 30 জন মানুহক নিযুক্তি প্ৰদান কৰাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে পুৰণি শ্ৰমিক সকলে ৷
ভাৰতীয় তৈল নিগম (IOC) শ্ৰমিকৰ প্ৰতিবাদ
27 বছৰ ধৰি কাম কৰি অহা লোডিং আনলোডিং শ্ৰমিকক বাদ দি নতুনকৈ ট্ৰান্চপোৰ্টাৰৰ 30 জন মানুহক নিযুক্তি প্ৰদান কৰাক লৈ প্ৰতিবাদ সাব্যস্ত ভাৰতীয় তৈল নিগম (IOC)ৰ শ্ৰমিকৰ ৷
ভাৰতীয় তৈল নিগম (IOC)ৰ শ্ৰমিকৰ প্ৰতিবাদ
প্লেন্টৰ সন্মুখতে বিভিন্ন ধ্বনিৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ ফলত গেছ প্লেন্টত একপ্ৰকাৰৰ কাম স্তব্ধ হৈ পৰে ৷ গেছ ভৰ্তি গাড়ীও ভিতৰলৈ প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে, 1991 চনৰ পৰা কাম কৰি অহা শ্ৰমিক সকলক কাম কৰাৰ সুযোগ দিয়া নহ'লে আন্দোলন চলি থাকিব বুলি মন্তব্য কৰে শ্ৰমিক সকলে ৷