শিলচৰ, 20 অক্টোবৰঃবহিঃ ৰাজ্যত অসমীয়া যুৱকক কৰা অত্যাচাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৰখলা সহ অসমীয়া সমাজ ৷ উল্লেখ্য যে, বিগত 13 অক্টোবৰত বৰখলাৰ ৰইজ উদ্দিন আৰু সোণাপুৰৰ ফৰিজ উদ্দিন সহ তিনিজন যুৱকৰ ওপৰত কৰ্মৰত কোম্পানীৰ মলিক চেলিম খানে গচকি গচকি শাস্তি প্ৰদান কৰাৰ যি বৰ্বৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল তাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বৰখলা সহ অসমীয়া সমাজ ৷
বহিঃৰাজ্যত অসমীয়া যুৱকক প্ৰহাৰ কৰাক লৈ সৰৱ বৰখলা সহ অসমীয়া সমাজ - ASSAM BOYS BEATEN AT BANGALORE
বিগত 13 অক্টোবৰত বৰখলাৰ ৰইজ উদ্দিন আৰু সোণাপুৰৰ ফৰিজ উদ্দিন সহ তিনিজন যুৱকৰ ওপৰত কৰ্মৰত কোম্পানীৰ মলিক চেলিম খানে গচকি গচকি অত্যাচাৰ কৰা যি বৰ্বৰ দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বৰখলা সহ অসমীয়া সমাজ ৷
![বহিঃৰাজ্যত অসমীয়া যুৱকক প্ৰহাৰ কৰাক লৈ সৰৱ বৰখলা সহ অসমীয়া সমাজ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4810059-thumbnail-3x2-b.jpg)
বহিঃৰাজ্যত অসমীয়া যুৱকক প্ৰহাৰ কৰাক লৈ সৰৱ বৰখলা সহ অসমীয়া সমাজ
বহিঃৰাজ্যত অসমীয়া যুৱকক প্ৰহাৰ
বৰখলা নাগৰিক অধিকাৰ সুৰক্ষা সমিতিৰ দাবী যে, বহিৰাজ্যত অসমীয়া যুৱকৰ ওপৰত এনেদৰে তালিবানী শাস্তি নচলিব ৷ সকলো ভাৰতীয় নাগৰিকৰে বহিঃৰাজ্যত কাম কৰাৰ অধিকাৰ আছে ৷ প্ৰতিবাদকাৰীসকলে কোম্পানীৰ সঞ্চালক চেলিম খানৰ ফাঁচিৰ দাবী উত্থাপন কৰে ৷ লগতে অসমৰ মুখ্যমন্ত্ৰীক যুৱকসকলৰ চিকিৎসাৰ খৰচ পৰিয়ালৰ লোকৰ হাতত অৰ্পন কৰিবলৈ আহ্বান জনায় ৷