অসম

assam

ETV Bharat / state

সমাধানৰ পথত লায়লাপুৰৰ সমস্যা! - মিজোৰাম

অসম-মিজোৰাম সীমান্তবৰ্তী লায়লাপুৰৰ ভূমি বিবাদৰ সমস্যাৰ সমাধানৰ বাবে লায়লাপুৰত অনুষ্ঠিত হয় এখন সভা ৷ সভাত মিজোৰাম আৰু অসমৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ৷ সভাত মিজোৰামৰ আবদ্ধ ট্ৰাকসমূহ মিজোৰাম আৰক্ষীয়ে আৰু অসমৰ আবদ্ধ ট্ৰাকসমূহ অসম আৰক্ষীয়ে নিৰাপত্তা দি লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

Assam ADGP Mukesh Agarwala arrived in Lailapur
সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

By

Published : Oct 20, 2020, 8:27 AM IST

কাছাৰ, 20 অক্টোবৰ:অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰৰ ভূমি বিবাদৰ সমস্যা সমাধানৰ বাবে লায়লাপুৰ ফৰেষ্ট বিট অফিচত অনুষ্ঠিত হয় এখন সভা ৷ সভাখনত মিজোৰাম কলাশিবৰ আৰক্ষী অধীক্ষক, অসম আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে ৷ সভাখনত মিজোৰাম আৰু অসমৰ সীমান্তত আবদ্ধ হৈ থকা ট্ৰাকসমূহক নিৰাপত্তা দি লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অসমৰ ট্ৰাক অসম আৰক্ষীয়ে নিৰাপত্তা দি লৈ যাব আৰু মিজোৰামৰ ট্ৰাক মিজোৰাম আৰক্ষীয়ে নিৰাপত্তা দি যাব লাগিব বুলি আৰক্ষী অধীক্ষকসকলে সিদ্ধান্ত গ্ৰহণ কৰে ৷

সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

সভাৰ শেষত উপ মহাপৰিদৰ্শক দিলীপ কুমাৰ দেয়ে কয় যে, ভূমিক লৈ দুই ৰাজ্যৰ মাজত যি বিবাদ চলিছে, সেইয়া অতি শীঘ্ৰে সমাধান হ'ব ৷ এই সন্দৰ্ভত উচ্চ পৰ্যায়ত আলোচনা চলি আছে ৷ উপ-মহাপৰিদৰ্শকগৰাকীয়ে লগতে কয় বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে ।

সমাধানৰ পথত লায়লাপুৰৰ সমস্যা!

উল্লেখ্য যে, অসম-মিজোৰাম সীমান্তৱৰ্তী লায়লাপুৰত শনিবাৰে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা ৷ মিজো দুষ্কৃতিকাৰীয়ে অসমৰ তিনিখনকৈ দোকান জ্বলাই দিয়াৰ লগতে বোমা বিস্ফোৰণ কৰাৰ ফলত গুৰুতৰভাবে আহত হৈছিল এজন যুবক । ইয়াৰ পাচতে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছিল উত্তেজনা ৷ সোমবাৰে এই ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ অঞ্চলটোত উপস্থিত হয় অতিৰিক্ত মহাপৰিদৰ্শক মুকেশ আগৰৱালা ৷

অন্য এক খবৰৰ বাবে:দুৰ্গা পূজালৈ মাজত মাথো দুদিন : ব্যস্ত মৃৎশিল্পী

ABOUT THE AUTHOR

...view details