শিলচৰ, 7 ডিচেম্বৰঃ কাছাৰ জিলাৰ ধুয়াৰবন্দত দেওবাৰে নিশা উদ্ধাৰ হয় এডাল প্ৰকাণ্ড বিষাক্ত সাপ ৷ জানিব পৰা মতে, নিশা প্ৰায় ২ বজাত স্থানীয় এজন লোকৰ ঘৰত প্ৰৱেশ কৰে এই সাপ ডাল ৷
শিলচৰত উদ্ধাৰ এডাল প্ৰকাণ্ড বিষাক্ত সাপ - শিলচৰ
কাছাৰৰ ধুয়াৰবন্দত দেওবাৰে নিশা এজন লোকৰ ঘৰত প্ৰৱেশ কৰে এডাল বিষাক্ত সাপ ৷ ইতিমধ্যে দুজন যুৱকে সাপ ডালক উদ্ধাৰ কৰি বন বিভাগৰ হাতত চমজাই দিয়ে ৷
![শিলচৰত উদ্ধাৰ এডাল প্ৰকাণ্ড বিষাক্ত সাপ As_SLC_King cobra _Rescue_ASC10043_IMG](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9794395-thumbnail-3x2-s.jpg)
শিলচৰত প্ৰকাণ্ড বিষাক্ত সাপ উদ্ধাৰ
ইফালে এই ঘটনাটো অসম বিশ্ববিদ্যালয়ৰ Research Scholars ৰ বিশ্বজিত সিং আৰু সুমিত নাথৰ নামৰ দুই যুৱকক স্থানীয় লোক সকলে খবৰ দিয়ে ৷ ততালিকে ঘটনাস্থলীত যুৱক কেইজন উপস্থিত হৈ ঘৰৰ পৰা বিষাক্ত সাপডাল উদ্ধাৰ কৰি বন বিভাগৰ হাতত চমজাই দিয়ে ৷
লগতে পঢ়ক- কাছাৰত আটক তিনি ৰহিংগীয়া যুৱতী