শিলচৰ,28 জুন: বাৰিষা অহাৰ লগে লগে আন বছৰ সমূহৰ দৰে এইবাৰো ভাটগ্ৰামৰ প্ৰায় ৩০০ পৰিয়ালে অঞ্চলটোত হোৱা কৃত্তিম বানৰ বাবে খাব লগা হৈছে হাবু ডাবু । শনিবাৰে বাতৰি সংগ্ৰহৰ বাবে যোৱা এটা সাংবদিকৰ দলক অঞ্চলটোৰ অখিল কান্ত সেন, কৰোনা বিশ্বাস, প্ৰদ্যুৎ নাথ, অজয় ৰায়, ৰাজু চন্দ, অনিতা ৰায়, বিভা ৰায়কে আদি কৰি বহুকেইগৰাকী সচেতন ব্যক্তিয়ে তেওঁলোকৰ অসুবিধাৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰিলে । কাটিগড়া সংমণ্ডল, স্থানীয় বিধায়ক, স্থানীয় পঞ্চায়তকে আদি কৰি সংশ্লিষ্ট কতৃপক্ষক বাৰম্বাৰ অভিযোগ কৰিওঁ কোনো সুফল নোপোৱা বুলি কলে অঞ্চলটোৰ লোকসকলে ।
কৃত্তিম বানৰ কৱলত কালাইনৰ ভাটগ্ৰাম - zpc
কৃত্তিম বানত এতিয়া ভাহিছে কালাইনৰ ভাটগ্ৰাম । কাটিগড়া সমষ্টিৰ কালাইনৰ ভাটগ্ৰামত বছৰ বছৰ ধৰি চলি থকা এটা গুৰুত্বপূৰ্ণ সমস্যা এয়া । বাৰিষা অহা মাত্ৰকেই কৃত্তিম বানৰ সমস্যাত ভোগিব লগা হয় অঞ্চলটোৰ জনসাধাৰণ । পানীৰ মাজত আবদ্ধ হৈ পৰে অঞ্চলটোৰ আৱাসগৃহ সমূহৰ লগতে পথটিও । এতিয়া পিএমজিৱাইৰ অন্তৰ্গত পথটি যিকোনো মূহুৰ্তত ভাঙি যোৱাৰো সন্দেহ কৰিছে স্থানীয় লোকসকলে ।
![কৃত্তিম বানৰ কৱলত কালাইনৰ ভাটগ্ৰাম artificial-flood-at-kalain](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7805028-1004-7805028-1593345138589.jpg)
কৃত্তিম বানৰ কৱলত কালাইনৰ ভাটগ্ৰাম
কৃত্তিম বানৰ কৱলত কালাইনৰ ভাটগ্ৰাম
অঞ্চলটোৰ এটা দুষ্ট চক্ৰই জমা হোৱা পানী নিষ্কাশনৰ ব্যবস্থাটো বন্ধ কৰি ৰখাৰ বাবেই এইসকল লোকে কৃত্তিম বানত অাবদ্ধ হৈ থকা বুলি অভিযোগ তুলিলে ক্ষোভিত লোকসকলে । এই সমস্যাৰ পৰা মুক্তি পোৱাৰ আশাৰে ইতিমধ্যে জিলা প্ৰশাসনৰ সৰনাপন্ন হোৱাত জিলা পৰিষদৰ সভাপতি মৃদুল ক্ৰান্তি চক্ৰৱৰ্তীয়ে বিষয়টো সমাধানৰ আশ্বাস দিছে যদিও আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল পানী নিষ্কাশনৰ কাম ।