শিলচৰ, 2 ফেব্ৰুৱাৰী : কাছাৰ জিলাৰ ৰংপুৰৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত মঙলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কৰ্মচাৰী নিযুক্তিক কেন্দ্ৰ কৰি ৰংপুৰৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয় ঘেৰাও কৰে বৰাক ডে'মক্রেটিক ফ্রন্টৰ কৰ্মকৰ্তা সকলে ৷
ঘটনাৰ বিৱৰণ অনুসৰি অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ৰ অধিনত field assistant পদৰ বাবে নিযুক্তি পত্ৰ লৈ কেইবাগৰাকী যুৱক-যুৱতীয়ে যোগদান কৰিবলৈ অহাৰ সময়তে যোগদানত বাধা দিয়ে ডে'মক্রেটিক ফ্রন্টৰ কৰ্মকৰ্তা সকলে ৷ ডে'মক্রেটিক ফ্রন্টৰ কৰ্মকৰ্তা সকলৰ অভিযোগ অনুসৰি অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ৰ অধিনত বৰাক উপত্যকাৰ শিক্ষিত যুক-যুৱতীৰ বিপৰীতে অন্য প্ৰান্তৰ যুৱক-যুৱতীক এই পদত নিযুক্তি দিয়া হৈছে ৷